লেখক : জেহেৰুল ভূঞা

আৰৱ দেশ বুলিলে আমি যি ভাবো

এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ ।

এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল। য়ামেন, কাটাৰ, ওমান, বেহৰাইন, কুৱেইট, চৌদি আৰৱ আৰু ইউ.এ.ই।

ইছলামৰ আগতে, আৰৱ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভাৱে অতি দৰিদ্ৰ আছিল। ইয়াত নানা ধৰণৰ ধৰ্মীকৰ ইতিহাস প্ৰকাশ পাইছিল যেনে মূৰ্তি উপাসক, নাস্তিক , একনায়কবাদী, জিন্দিক, চাবিনে, ইহুদী আৰু খ্ৰীষ্টান আদি।
যদিও এই কালটো সংস্কৃতিৰ অন্ধকাৰ যুগ আছিল কিন্তু আৰৱী সাহিত্যত এয়াই সোণালী যুগ আছিল।

Show CommentsClose Comments

Leave a comment

en_USEnglish