লেখকঃ শাহিনুৰ আলম

আনন্দ, সুখ, হাঁহি এই সকলোবোৰ জীৱনৰ অংগ। ইছলাম ধৰ্মতো এইবোৰ এটা ঠাই লাভ কৰিবলৈ সক্ষম হৈছে। মুছলমান উৎসৱৰ মাজত সৰ্বশ্ৰেষ্ঠ উৎসৱ হিচাপে বিশেষ স্থান অধিকাৰ কৰিছে ঈদ উৎসৱে। ঈদ উৎসৱ বছৰত দুবাৰ আহে। দুটা আনুষ্ঠানিক কেন্দ্ৰ কৰি উদ্‌যাপন কৰা হয় ঈদ-উল-ফিতৰ। তাৰ দুমাহ ন দিনত অৰ্থাৎ আৰবী মাহৰ দ্বাদশ মাহ জিলহজ্জ্বা মাহৰ ১০ তাৰিখে ঈদ-উল-আজহা উদ্‌যাপন কৰা হয়। এই ঈদ দুটাই আনন্দৰ বাৰ্তা বহন কৰিলেও দুয়োটাৰ মাজত আনুষংগিক মিল থাকিলেও ইয়াৰ মাজত আনুষ্ঠানিক পাৰ্থক্যও আছে।
ঈদৰ অৰ্থ হৈছে আনন্দ বা স্ফূৰ্তি।ঈদ-উল-ফিতৰ ৰমজান মাহৰ শেষত অনুষ্ঠিত হোৱাৰ বাবেই এই ঈদক ৰমজান শেষৰ উৎসৱ বুলিও কোৱা হয়। অৱশ্যে ঈদ-উল-ফিতৰ আৰবী মাহ ছাওৱালৰ প্ৰথম তাৰিখে অনুষ্ঠিত হয়। ‘ফিতৰ’ শব্দৰ অৰ্থ হ’ল – দান। এই উৎসৱ পালনৰ আনন্দত যাতে ধনী-দুখীয়া সকলোৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে ঈদৰ নামাজৰ পূৰ্বে ‘ফিতৰা’ আদায় কৰা হয়।ঈদ-উল-ফিতৰ ৰমজান মাহৰ শেষত অনুষ্ঠিত হোৱাৰ বাবেই এই ঈদক ৰমজান শেষৰ উৎসৱ বুলিও কোৱা হয়। অৱশ্যে ঈদ-উল-ফিতৰ আৰবী মাহ ছাওৱালৰ প্ৰথম তাৰিখে অনুষ্ঠিত হয়। ‘ফিতৰ’ শব্দৰ অৰ্থ হ’ল – দান। এই উৎসৱ পালনৰ আনন্দত যাতে ধনী-দুখীয়া সকলোৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে ঈদৰ নামাজৰ পূৰ্বে ‘ফিতৰা’ আদায় কৰা হয়।ঈদ-উল- ফিৎৰৰ আনন্দ উৎসৱত যাতে সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে সমৰ্থকসকলৰ ওপৰত জাপি দিয়া হৈছে ফিৎৰা নামৰ এক কৰ। যাতে সকলো শ্ৰেণীৰ লোকে একেলগে আনন্দ-উৎসৱত যোগদান কৰিব পাৰে।আনন্দ উপভোগৰ মাজত পৱিত্ৰ এক উদ্দেশ্য, মহান এক দৰ্শনক স্পষ্ট কৰি তোলা হৈছে ঈদ-উল-ফিতৰত।এই দৰ্শন হ’ল বঞ্চিত, দৰিদ্ৰকো আনন্দ উৎসৱত যোগদানৰ সহায় কৰি এক কৃত্ৰিমহীন উৎসৱৰ আয়োজন কৰা। যি উৎসৱত নাই চকুৰ পানী, নাই মনৰ গ্লানি, হৃদয়ৰ পংকিলতা আৰু নোপোৱাৰ বেদনা।
আমি অকল ঈদৰ দিনা আনন্দই নহয় চিন্তাও কৰিব লাগিব যে গোটেই মাহ মোৰ ৰোজা ৰখাটো সাৰ্থক হৈছেনে ? মই বেয়া কাম আৰু পৰা নিন্দাৰ পৰা বাচি থাকিছিলো নে?।হয় ৰমজান মাহটো হৈছে নিজকে পৰিবৰ্তন কৰাৰ সঠিক সময় সেয়েহে আমি কেতিয়াও আমি ৰহমত পোৱাৰ পৰা বিৰত থাকিব নালাগে।ঈদৰ এই পবিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে… ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈ।

Show CommentsClose Comments

Leave a comment

en_USEnglish