লেখকঃ শাহিনুৰ আলম

১. হযৰত আবদুল্লাহ ইবনে আমৰ ইবনুল আচ ৰাঃ পৰা বর্ণিত, ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা চাল্লামে এজন ঘোষক প্রেৰণ কৰিলে তেওঁ যেন মক্কাৰ পথে পথে এই ঘোষণা কৰে যে-জানি ৰাখক! প্রত্যেক মুছলিম নৰ-নাৰী, গোলাম-স্বাধীন,সৰু-ডাঙৰ় প্রত্যেকৰ ওপৰত ছদকায়ে ফিতৰ অপৰিহার্য। দুই মুদ (আধা ছা) গম নাইবা এক ছা অন্য খাদ্যবস্তু।
النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ ” بَعَثَ مُنَادِيًا يُنَادِي فِي فِجَاجِ مَكَّةَ أَلَا إِنَّ زَكَاةَ الْفِطْرِ وَاجِبَةٌ عَلَى كُلِّ مُسْلِمٍ , عَلَى كُلِّ ذَكَرٍ وَأُنْثَى حُرٍّ وَعَبْدٍ وَصَغِيرٍ وَكَبِيرٍ مُدَّانِ مِنْ قَمْحٍ , أَوْ صَاعٌ مِمَّا سِوَاهُ مِنَ الطَّعَامِ ” (জামে তিৰমিযী ১/৮৫)। ইমাম তিৰমিযী (ৰহঃ) য়ে কৈছে, হাদীচটি হাচান।
২. হযৰত আবদুল্লাহ ইবনে আব্বাচ (ৰাঃ) ৰ পৰা বর্ণিত, তেওঁ ৰমযানৰ শেষৰ ফালে বছৰাৰ মিম্বৰৰ ওপৰত খুতবা দানকালত কৈছিল, ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা চাল্লাম ছদকাতুল ফিতৰ অপৰিহার্য কৰিছে এক ছা খেজুৰ বা যব কিংবা আধা ছা গম; গোলাম-স্বাধীন, নাৰী-পুৰুষ ও সৰু-ডাঙৰ প্রত্যেকৰ ওপৰত।
فرض رسول الله صلى الله عليه وسلم هذه الصدقة صاعا من تمر أو شعير، أو نصف صاع من قمح على كل حر أو مملوك، ذكر أو أنثى، صغير أو كبير.(زَكَاةَالفِطْرِ ও زكوة) যাকাত ‘‘ফিতৰা’’ ইত্যাদি টকা দ্বাৰা আদায় কৰা হৈছিল। তাৰে কিছুমান প্রমাণ তলত –
হযৰত যুহাইৰ (ৰহঃ) ৰ পৰা বর্ণিত। তেওঁ কৈছে, মই আবূ ইছহাক (ৰহঃ) ৰ পৰা শুনিছো যে, তেওঁ কৈছে, মই চাহাবায়ে কিৰাম (ৰাঃ) ক এই অবস্থায়ত পাইছো যে, তেখেত সকলে ৰমজানে ছাদাকায়ে ফিতৰ খাদ্যৰ বিনিময়ত টকাৰ দ্বাৰা আদায় কৰিছিল।
আধুনিক হিচাবে ছা ও নিচফে ছাঃ
ছা হৈছে আৰবী শব্দ (صاع) যাক আমি আধুনিক ৰূপত এনেদৰে পাওঁ যে:-
১ ছা = ২কেজি ৪৭ গ্রাম।
আধা ছা = ১ কেজি ২৩.৫গ্ৰাম।
আল্লাহ তায়ালাই যেন আমালোকক এই পবিত্ৰ ৰমজান মাহৰ বৰকত আৰু ৰহমতক কেন্দ্ৰ কৰি সকলো গুনাহ মাফ কৰি দিয়ে, আমিন।

Show CommentsClose Comments

Leave a comment

en_USEnglish