লেখকঃ শাহিনুৰ আলম

“নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে । (ছুৰা ক্বদৰঃ ১-৫) আল্লাহ তায়ালাই এনেদৰে শবে কদৰৰ ৰাতিৰ ফজীলতৰ বিষয়ে কৈ আছে।
 ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল ক্বদৰৰ ৰাতি জাগি থিয় হৈ নামাজ আদায় কৰে, তাৰ পূৰ্বৰ (ছগীৰাহ) গুনাহবোৰ মাফ কৰি দিয়া হয়।
 আনাছ ইবনু মালিক (ৰাঃ) পৰা বর্ণিত, তেখেতে কৈছে, ৰমজান মাহ আৰম্ভ হ’লে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে :
‘তোমালোকৰ ওচৰত এই মাহ সমুপস্থিত। এই মাহত এনেকুৱা এটা ৰাতি আছে, যি হাজাৰ মাহৰ অপেক্ষা উত্তম। এই মাহৰ পৰা যি ব্যক্তি বঞ্চিত হ’ল, সি সকলো কল্যাণৰ পৰাই বঞ্চিত হ’ল। কেৱল বঞ্চিত ব্যক্তিসকলেই তাৰ পৰা বঞ্চিত হয়। শ্ববে ক্বদৰ কোন ৰাতিত??
শ্ববে ক্বদৰ বিষয়ে বহুতো হাদিছ আছে।তাৰে মাজত শেষ ১০ দিন বা শেষ ১০ দিনৰ বেযোৰ ৰাতিত শ্ববে ক্বদৰৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে….। হাদিছত আহিছে যে, ৰমজানৰ শেষ ১০ দিন ক্বদৰৰ ৰাতি অনুসন্ধান কৰিব লাগিব। গতিকে সকলোৰে উচিত শেষৰ গোটেই ১০ দিনেই বেছি বেছি ইবাদত কৰা। আৰু প্রতি ৰাতিই আমল কৰা। যিকোনো ৰাতিয়েই শ্ববে ক্বদৰ হ’ব পাৰে। এই ক্ষেত্ৰত সকলো ৰাতিয়েই ইবাদত কৰিব নোৱাৰিলে অন্ততঃ বেযোৰ সকলো ৰাতিয়েই ইবাদত কৰা উচিত। কাৰণ বেযোৰ যিকোনো ৰাতিত শ্ববে ক্বদৰ হোৱাৰ সম্ভাবনা বেছি।উবাদা ইবনে ছামিত (ৰাঃ)ৰ পৰা বর্ণিত, তেখেতে কৈছে, এবাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক লাইলাতুল ক্বদৰৰ (নির্দিষ্ট তাৰিখত) অৱহিত কৰাৰ বাবে উলাইছিল। তেতিয়া দুজন মুছলিমে কাজিয়া কৰি আছিল। সেইটো দেখি তেখেতে কৈছেঃ মই তোমালোকক লাইলাতুল ক্বদৰৰ সংবাদ দিয়াৰ বাবে উলাই আহিছিলো, তেতিয়া অমুকে অমুকে কাজিয়া কৰিছিল, যাৰ ফলত তাৰ (নির্দিষ্ট তাৰিখৰ) পৰিচয় হেৰুৱাই যায়। সম্ভৱতঃ ইয়াৰ মাজত তোমালোকৰ বাবে কল্যান আছে। তোমালোকে নৱম, সপ্তম আৰু পঞ্চম ৰাতিত সেইটো অধিকাংশ আলেম উলামা লাইলাতুল ক্বদৰ হিচাপে ২৭ তাৰিখৰ ৰাতিক প্রাধান্য দিছে। সেইবাবে এই ৰাতিক প্রাধান্য দি ইবাদত কৰিব পাৰি কিন্তু ২৭ তাৰিখত শ্ববে কদৰ এইটো নিশ্চিত বুলি ভাবিব নালাগে। বেলেগ যিকোনো বেজোড় ৰাতিও হ’ব পাৰে। গতিকে কেৱল ২৭ তাৰিখতে শ্ববে ক্বদৰ ভাবি কেৱল সেই ৰাতিই ইবাদত কৰা নিজৰে ক্ষতি।মুঠতে ৰমজানৰ শেষ ১০ দিনৰ ইবাদত কৰা উচিত। নহ’লে অন্ততঃ শেষ সাত দিনত কৰা উচিত। আৰু সেইটো নহ’লে বেযোৰ ৰাতিত অর্থাৎ ২১, ২৩,২৫,২৭,২৯ এই ৫ ৰাতিত ইবাদত কৰা, শ্ববে ক্বদৰৰ অনুসন্ধান কৰা উচিত হ’ব। সেইটোও কিবা কাৰণত নোৱাৰিলে অন্ততঃ  ২৭ তাৰিখ ৰাতিত বেছি বেছি ইবাদত কৰিব লাগে।
 এই ৰাতিৰ কৰণীয় আমল :
হাদিছত আছে, আয়শা (ৰাঃ) কৈছে-হে আল্লাহৰ নবী! যদি মই লাইলাতুল ক্বদৰ পাই যাও তেতিয়া কি ক’ম(পঢ়িম)? ৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ক’লে…ক’বা-
‘ ﺍﻟﻠَّﻬُﻢَّ ﺇِﻧَّﻚَ ﻋَﻔُﻮٌّ ﻛَﺮِﻳﻢٌ ﺗُﺤِﺐُّ ﺍﻟْﻌَﻔْﻮَ ﻓَﺎﻋْﻒُ ﻋَﻨِّي، (আল্লাহুম্মা ইন্নাকা আফুউন, তুহিব্বুল্ আফওয়া ,ফাফুআন্নি
এই ৰাতিত যিকোনো আমল কৰিব পাৰিব। শ্ববে কদৰৰ নির্দিষ্ট পদ্ধতিৰ কোনো নামাজ নাই।
তাৰাবিৰ পিছত দুই দুই ৰাকআত কৰি যিমান ইচ্ছা নফল নামাজ পঢ়িব পাৰে। শেষ ৰাতিত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰিব। লগতে যিকোনো জিকিৰ, দৰূদ আৰু বেছি বেছি ইস্তিগফাৰ কৰিব লাগে। এই ৰাতিত বেছি বেছি দুআ কৰিব লাগে।
আল্লাহ তাআলাই আমাক শ্ববে ক্বদৰ নছীব কৰক। (আমিন)

Show CommentsClose Comments

Leave a comment

en_USEnglish