লেখকঃ হাশিদুল ইছলাম

       গেমে সামাজিক দক্ষতা উন্নত কৰে, সমস্যা সমাধান কৰা ক্ষমতা বঢ়ায়,ভিডিঅ' গেমবোৰে আপোনাক সমস্যা সমূহত অধিক স্থিৰ হ'বলৈ অনুপ্ৰাণিত কৰিব পাৰে। এবাৰ কিবা হেৰালে তাক‌ আকৌ এবাৰ চেষ্টা কৰাত আৰিহনা যোগায়।ই আপুনাৰ বাস্তৱ জীৱনতো কাম আহে ।ভিডিঅ' গেমবোৰে আপোনাৰ দৃষ্টি শক্তি উন্নত কৰিব পাৰে।

     ভিডিঅ' গেমবোৰে উন্নত শল্য চিকিৎসক প্ৰস্তুত কৰে।লেপাৰোস্কোপিক (সৰু ছিদ্ৰ) বিশেষজ্ঞৰ এক অধ্যয়নত দেখা গৈছে যে যিসকলে প্ৰতি সপ্তাহত তিনি ঘণ্টাতকৈ অধিক সময় খেলিছিল তেওঁলোকে তেওঁলোকৰ অনা-গেমিং  সমকক্ষৰ তুলনাত অনুশীলন প্ৰক্ৰিয়াৰ সময়ত 32 শতাংশ কম ত্ৰুটি কৰিছিল।
     আপুনি  গেমিয়ক নিজৰ কেৰিয়াৰো বনাব পাৰে। বহুতেই ইউটিউবত লাইভ কৰি প‌ইছা কমায় অথবা টুৰ্ণামেণ্টত যোগ দিব পাৰে। সমস্যা তেতিয়া হয় তেতিয়া ই আমাৰ বাবে আসক্তি(Addiction) হয়।লগতে আমি  বুজিব লাগিব তাত বেলেগৰ লাভতকৈ লুকচানেই বেছি হয়।সময়ৰ মান বুজি ম‌ই গেমি্ং এৰাৰহে পৰামৰ্শ দিম।বিশ্ব স্বাস্থ্য সংস্থাই ভিডিঅ' গেমৰ আসক্তিক এক  মানসিক স্বাস্থ্য বিকাৰ(Mental health disorder) হিচাপে গন্য কৰিছে। তলত দিয়া আসক্তিৰ কাৰণবিলাক বুজিলে সমাধান আমি সহজেই বুজি পাম। লগতে তাৰ লাভ থাকিলে তাৰো চৰ্চা কৰা হৈছে।
(1) আমি দৈনন্দিন জীৱনত মনক সদায় আনন্দিত ৰাখিবলৈ চেষ্টা‌‌ কৰো। বিশেষকৈ স্কুল কলেজৰ‌ পৰা উভতি অহাৰ পিছত,কাম শেষ হোৱাৰ পিছত আৰু কোনো কোনোবাই গোটেই দিনটো মনোৰঞ্জিত ৰাখিবলৈকো অস্থায়ী সমাধান বিচাৰে। কোনোবাই কিতাপ পঢ়ি আকৌ কোনোবাই শাৰীৰিক ব্যায়াম কৰি আকৌ কোনোবাই অনলাইন গেম খেলি।ইয়াৰ পৰাই আৰম্ভ হয় গেমৰ আকৰ্ষণ। আমি অস্থায়ী মনোৰঞ্জন কিতাপ পৰাত বা এক নতুন ভাষা শিকাৰ দৰে লাভ দায়ক কাৰ্যকলাপত কটালো হয় এই সমস্যা নাহি‌লে হয়।
কিন্তু যদিও কোনোবাই বহু সময় গেম খেলে আমি কব নোৱাৰি তেও গেমৰ প্ৰতি আসক্ত যদি‌ কোনোবাৰ তলত দিয়া কথাবিলাক পোৱা নাযায়
১)সকলো বা বহুসময়ত গেমিংৰ বিষয়ে চিন্তা কৰে
২)আপুনি খেলিব নোৱাৰিলে বেয়া অনুভৱ কৰে
৩)ভাল অনুভৱ কৰিবলৈ অধিক সময় খেলি বজাই ৰাখিব লাগে
৪)এৰিব নোৱাৰা বা আনকি কম খেলিব‌ও নোৱাৰে
৫)আপুনি ভাল পোৱা আন কাম কৰিব নিবিচাৰে
আপোনাৰ গেমিংৰ বাবে কৰ্মক্ষেত্ৰত, বিদ্যালয় বা ঘৰত সমস্যা হয়।
৬)এই সমস্যাবোৰৰ স্বত্বেও খেলি আছে
৭)আপুনি খেলি কিমান সময় অতিবাহিত কৰে সেই বিষয়ে আপোনাৰ ওচৰৰ লোকসকলক মিছা কোৱা
বেয়া মেজাজ আৰু অনুভূতি হ্ৰাস কৰিবলৈ গেমিং ব্যৱহাৰ কৰা
ইয়াৰ অৰ্থ এই নয় আপুনি বেছি খেলিব।ই আপুনাৰ সময় নষ্ট কৰিব।
(২)দহ বছৰমান আগত অফলাইন খেল খেলা হৈছিল।তাত কোনো আসক্তি নাছিল। কিন্ত্ত ‌এতিয়া অনলাইন গেম আহাৰ পিছত দৃশ্যপট বদলি হৈ গৈছে।আপুনি ইয়াত বহু মানুহৰ লগ পায় সেইবাবে গেমসমূহক বৰ ভাল পোৱা ‌হয়। কাৰণ মানুহ সামাজিক প্ৰাণী।
‌‌গেম খেলিলে বহু মানুহৰ লগ পোৱা যায়।পাবজি(PUBG)ফ্ৰি ফায়াৰৰ দৰে গমে আমাক দলবদ্ধভাবে কাম কৰাব শিকায়। কিন্তু ইয়াক নিয়মিতভাৱে বজাই ৰাখিব লাগিব।নহলে নিজৰ লগৰীয়া,আত্মীয়ৰ হতে সম্পৰ্ক বেয়া হ'ব পাৰে। কাৰোবাৰ হতে কথা‌ পাতোতেও ‌মবাইল ব্যৱহাৰ কৰা‌ উচিত নহয়। গেমাৰসকলৰ লগত সম্পৰ্ক গঢ়াতকৈ বাস্তৱ পৃথিৱীৰ লগত সম্পৰ্ক গঢ়িব পাৰে।
৩) কাৰোবাৰ বন্ধুবৰ্গৰ দ্বাৰা প্ৰভাৱিত হৈয়ো গেম আৰম্ভ কৰা‌ দেখা ‌যায়। যদি আপুনাৰ প্ৰায় সকলো বন্ধ‌ই গেম খেলি থাকে আৰু আপুনি নিজকে নিম্নমানৰ ভাবে; আপোনাৰ কাৰণে ভাল হব সিহঁতক এৰি‌ ভাল সঙ্গ ল‌ওক।
৪)তাত খেলুৱৈসকলক এক গ'ল দিয়া হয়‌ আৰু তাক পাবলৈ বহু কষ্ট কৰে যিমান লৈকে তাক নাপায়.আমি যদি নিজৰ জীৱনতো‌ তেনে লক্ষ্য বনাব পাৰি,আমি তাৰ বাদে খেল খেলি সময় নষ্ট নকৰিম।
৫)আমাৰ সৰুৰ পৰাই কাৰুবাৰ সুপাৰ হিৰুবা ভিলেন হোৱাৰ আশা জন্ম লয়।গমে‌ আমাৰ সেই সাধনা পূৰণ কৰে। সেই বাবে গেমৰ জনপ্ৰিয়তা বৃদ্ধি পাই‌ আছে।পেইনবল নামৰ এক বাস্তৱ জীৱনত খেলা(Pubg-Free fire)ৰ দৰে খেল আছে। কিন্তু তাত খৰচ বেছি কিন্তু ম'বাইল গেমত বেছি খৰচ নাই।আপুনি যেতিয়াই খেলা শেষ কৰিব গেমখনক(unistall)কৰিব।তাত আপুনাৰ খৰচ বাঢ়িব,আপুনি তাক লাহে লাহে এৰিব‌ পাৰিব।
৬)আমি মানু্হ পুৰস্কাৰ ভাল পাও, সেইটো দিয়া হয় আৰু আমাক নিৰন্তৰ বিকাশ দিয়া হয়,প্ৰথম গ্ৰেড দ্বিতীয়…..বা লিগ দিয়া হয়(Silver,gold, crystal….) যিহেতু আমি‌ এই‌ দুয়োটা বস্তু পালে কাম এটা কৰিয়েই ‌থাকো;আমি কিবা লাভদায়ক কাম কৰি নিজকে নিজে পুৰষ্কাৰ দিব পাৰো আৰু নিজৰ স্থান জুখিব পাযৰো। উদাহৰণ স্বৰূপে,আপুনি নিজকে কলে যদি মই এক সপ্তাহ ‌ব্যায়াম‌ কৰো‌ ম‌ই সেইটো খাম বা…… আৰু আপুনি তুলনা কৰিব পাৰে কিমান‌ ভাল বডি বনালে, আগতকৈ কিমান ভাল হল।
৭)আমাৰ জনমৰ পৰাই আসক্তিৰ অভ্যাস ‌জনম লয়। কিন্তু এই আসক্তি‌ কিছুমান সময়ৰ লগত জৰিত।এবাৰ চিনেমা হলত বহি (পপ ক'ন) খোৱা সকলৰ উপৰত অধ্যয়ন চলোৱা ‌হৈছিল। তেওলোকক এক‌ কোঠাত পপ ক'ন খাব দিয়া হৈছিল কিন্তু আচৰিত ভাৱে অস্বীকাৰ কৰে।জনা‌জায় তেও লোকৰ কেৱল চিনেমা হ'লতহে খোৱাৰ অভ্যাস আছিল।
কাৰোবাৰ এক নিৰ্দিষ্ট সময় থাকিব পাৰে ‌য'ত গেম খেলে-স্কুল,কলেজ বা অফিচৰ পৰা আহি।এই‌সময়টোৱেই যদি বদলি দিয়ে আসক্তিৰ পৰা পৰিত্ৰাণ পাব পাৰে।যদি তাৰ স্কুলৰ পৰা আহিয়েই গেম খেলে,তেওঁ পোনপটীয়াকৈ জিমত জাব পাৰে বা বেলেগ কিবা। কিন্তু প্ৰথম কেইদিনমান কষ্ট হ'লেও ২০-৩০ দিনতেই এক ভাল জীৱন পাব। যদি আপুনি ‌একেবাৰেই‌ এৰিব নোৱাৰে আপুনি ভাল মনোৰোগ বিশেষজ্ঞ(Psychiatrist)ৰ লগ ধৰক

Show CommentsClose Comments

Leave a comment

en_USEnglish