লেখকঃ শাহিনুৰ আলম 
অষ্টম হিজৰিৰ ২০ বা ২১ ৰমজান শুকুৰবাৰে  ৰছূল (ছঃ) আৰু চাহাব (ঈমানসহ নবী ছাঃক দৰ্শন কৰি মুমিন অৱস্থাত মৃত্যুবৰণ কৰা সঙ্গীসকল) সকলে মক্কা বিজয় কৰে। সেই সময়ত কাবাগৃহ আছিল বিশুদ্ধ একত্ববাদৰ কেন্দ্রস্থল। একমাত্র আল্লাহৰ বন্দেগি আৰু উপাসনাৰ উদ্দেশ্যে আল্লাহৰ নির্দেশত গৃহটো পুনর্নির্মাণ কৰিছিল হজৰত ইব্ৰাহিম (আঃ)য়ে।পৰৱৰ্তী সময়ত কা’বা ঘৰ মুশ্বৰিকসকলৰ দখলত থকাত শ্বিৰ্কৰ কেন্দ্রস্থলত পৰিণত হৈছিল। ৰছুল (ছঃ) য়ে তওহিদৰ এই পবিত্র স্থানক শ্বিৰকৰ নাপাকিৰ পৰা  মুক্ত কৰে। 
এইটায়েই আছিল মানবৰচিত আইন-কানুনৰ বিৰুদ্ধে আল্লাহৰ সার্বভৌমত্ব ও একত্ববাদৰ মহা বিজয়।
    ৰছূলুল্লাহ (ছঃ) মক্কাত প্রবেশ কৰি কোনো প্রতিশোধ গ্রহণৰ কথা কোৱা নাই। তেওঁ এ মর্মে সাধাৰণ ক্ষমা ঘোষণা কৰে—
    এক) যি সকলে নিজ ঘৰৰ দৰ্জা বন্ধ কৰি থাকিব সিহঁত নিৰাপদ।
     দুই) যি সকলে আবু চুফিয়ানৰ ঘৰত থাকিব সিহঁতো নিৰাপদ। 
     তিন) যি সকল কাবাগৃহত আশ্রয় লব সিহঁতো নিৰাপদ।
মক্কা বিজয়ৰ এই ঘটনাৰ সৈতে আধুনিককালৰ কোনো ৰাজ্যজয়ৰ ঘটনা তুলনা কৰিলেই ইছলাম ও জাহিলিয়াতৰ পার্থক্যটাে স্পষ্টভাবে ধৰা পৰে। জাহিলিয়াত(প্ৰাকইছলাম কালত) আক্ৰমণকাৰীসকলে বিজয়ক  নিজৰেই কৃতিত্বৰ ফছল ভাবিছিল বাবেই বিজয় উৎসৱৰ নামত সিহঁতে প্রকাশ কৰিছিল দানবীয় উল্লাস। আৰু সেই উল্লাসৰ স্বীকাৰ হৈছিল আৰু আজিও হয় অসহায় ও নিৰস্ত্র মানুহ।

Show CommentsClose Comments

Leave a comment

en_USEnglish