লেখকঃ শাহিনুৰ আলম

হাদিসত আহিছে যে ৰমজানৰ প্রথম দশক হল ৰহমতৰ , মধ্য দশক হলো মাগফিৰাতৰ, শেষ দশক হলো নাজাতৰ।’ সাধাৰণতে কৈ থকা হয় যে প্রথম দশকত আল্লাহ তাআলাই তেওঁৰ বান্দাসকলৰ প্রতি ৰহমত অৰ্থাৎ দয়া বর্ষণ কৰি থাকে। দ্বিতীয় দশকত আল্লাহ তাআলা তেওঁৰ বান্ধাসকলক ক্ষমা কৰি থাকে। তৃতীয় দশকত জাহন্নামৰ পৰা নাজাত বা মুক্তি দি থাকে।সেয়েহে নবী (ছঃ) এ কৈছে যে তোমালোকে প্ৰথম ১০ দিন লৈকে এই দোআ পঢ়িবাঃ
اللهم ارحمني يا ارحم الراحمين
অৰ্থাৎ ৰহমত পোষণকাৰীসকলৰ শ্ৰেষ্ঠ ৰহম কাৰী মোক ৰহম কৰা।
বৰঞ্চ যিসকলে এনে এটি ৰহমত তথা বৰকতৰ মাহ পায়ো ৰোজা পালন কৰি সুফল লাভ কৰিব পৰা নাই, তেওঁলোকৰ বাবে দুঃসংবাদ বাদে আন কি হ’ব পাৰে? ৰচুল (চঃ)-য়ে ইৰশাদ ফৰমাইছে, ‘এই পবিত্ৰ মাহত পৰম কৰুণাময় মহান আল্লাহ তা’লাই তোমালোকৰ প্রতি শুভ দৃষ্টি প্রদান কৰে, তোমালোকৰ সকলো পাপকৰ্মবোৰ ক্ষমা কৰি দিয়ে আৰু দোয়া কবুল কৰে আৰু ৰহমত বর্ষণ কৰে। 
কথা হ’ল, ৰমজানৰ প্রথম দশকক বান্দাৰ প্রতি মহান ৰাব্বুল আলামিনৰ পক্ষৰ পৰা  ৰহমত বর্ষিত হয়নে? ইয়াৰ উত্তৰ হাদীছ শাস্ত্রৰ বিভিন্ন প্রামাণ্য গ্রন্থত বর্ণিত বিষয় সমূহ হ’লঃ ১. ৰোজাদাৰ ব্যক্তিক মহান আল্লাহ তা’য়ালাই ৰিজিকৰ সচ্ছলতা দান কৰে। ২. ধনসম্পদ বৃদ্ধি কৰি দিয়ে। ৩. চেহেৰী তথা ইফতাৰ গ্রহণৰ প্রকৃত চোৱাব দান কৰে। ৪. নেক কামৰ প্রতিদান বহুগুণে বৃদ্ধি কৰি দিয়ে। ৫. অগণিত ফিৰিস্তাই ৰোজাদাৰ সকলৰ বাবে মাগফিৰাতৰ কামনা কৰে।  ৬. চয়তানক বন্দী কৰি ৰখাৰ কাৰণে ৰোজাদাৰ ব্যক্তি কুমন্ত্রণাৰ পৰা মুক্তি থাকে। ৭. জান্নাতৰ সমগ্ৰ দৰজা উন্মুক্ত আৰু জাহান্নামৰ দৰজাসমূহ বন্ধ ৰখা হয়।  
মুঠতে আল্লাহৰ ৰহমত তেওঁৰ বান্দাসকলৰ প্ৰতি এই ৰমজান মাহত ধাৰাষাৰ বৰষুণৰ নিচিনা পৰি থাকে।

Show CommentsClose Comments

Leave a comment

en_USEnglish