লেখক : মোনজুৰুল হক


নিৰ্বাচনৰ দুদিনমান আগত কোনো ৰাজনৈতিক দলে দুশমান টকা দিয়ে,তেতিয়াহলে আমি পুৰণি স্মৃতিবোৰ পাহৰি , সিহঁতৰ পুৰণি প্ৰতিশ্ৰুতিবোৰ পাহৰি আবেগৰ সৈতে সিহঁতক ভোট দি দিও, নাভাৱো যে সন্মুখৰ পাঁচবছৰত আমাৰ গতি কি হব।
সমাগত বিধান সভা নিৰ্বাচন । ইয়াৰ লগত জৰিত হৈ আছে অসমীয়াৰ ভবিষ্যত । নিৰ্বাচনৰ লগত সংগত ৰাখি ৰাজনৈতিক দল, নেতা পালিনেতা আসন লাভৰ উদ্দেশ্য নিৰ্বাচনী ৰণডংকা বজাবলৈ লৈছে। কোনে মাৰিব শেষ হাঁহি । ৰাষ্ট্ৰীয়তাবাদৰ নে জাতীয়তাবাদৰ জয় হব ,সেয়া হব লক্ষণীয়। অসমৰ নিৰ্বাচন সাধাৰণতে সকলে জাতীয়তাবাদৰ কথাহে ভাৱে। এইবাৰ শাসকীয় দলৰ বিৰুদ্ধে যুজঁত তোলপৰ লগাইছে মহাজটেৰে ভৰি থকা মহাজোঁট যত ৰাষ্ট্ৰীয়দল কংগ্ৰেছৰ লগত জাতীয় দল এ আই ইউ ডি এফ , চি পি আই এম, আঞ্চলিক গণ মৰ্চা, বি পি এফ। এইবাৰ সন্মুখত নিৰ্বাচন ৰাখি যদি কোনোবাই অসমৰ সংস্কৃতিস্বৰূপ চিহ্ন ফুলাম গামোচাত NO CAA লিখি নিৰ্বাচনৰ কোচকাৱাচ চলাইছে আন কোনোবাই পাঁচটা গেৰেন্টীৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। সাম্প্ৰদায়িক ভেদভাৱ ওপৰত লক্ষ্য ৰাখি A I U D F অমুছলিমক টিকট বিলাইছে তেনেকুৱা বি জে পিতো কিছুমান মুছলিম নেতা আছে। যদি বদৰুদ্দিন আজমলে মুছলমানসকলোক একগোট হবলৈ কৈছে তেনেকুৱা হিন্দুসকলোও বি জে পিলৈ ধাৱমান হৈছে। আমাৰ অসমীয়াসকলোৰ এটা সাধাৰণ স্বভাৱ আছে আমি আবেগেৰে গঠিত । যদি আমাক নিৰ্বাচনৰ দুদিনমান আগত কোনো ৰাজনৈতিক দলে দুশমান টকা দিয়ে,তেতিয়াহলে আমি পুৰণি স্মৃতিবোৰ পাহৰি , সিহঁতৰ পুৰণি প্ৰতিশ্ৰুতিবোৰ পাহৰি আবেগৰ সৈতে সিহঁতক ভোট দি দিও, নাভাৱো যে সন্মুখৰ পাঁচবছৰত আমাৰ গতি কি হব। এইবেলি অসমীয়াৰ মাজত বিবেকৰ কিমান শক্তি তাৰ পৰিচয় ঘটিব।যদি আবেগেৰে ভোট দিয়ে তেতিয়াহলে অসমীয়াৰ ভৱিষ্যত ঘোৰ অন্ধকাৰত পৰিণত হব আৰু যদি আমি বিবেকৰ সৈতে ভোট দিও তেতিয়াহলে উপযুক্ত মানুহটোই আমাৰ চৰকাৰ হব । আমি জানো এইবাৰ বি জে পি হল এটা সাম্প্ৰদায়িক দল যত কেৱল মুছলমানসকলৰ ওপৰত পাশৈৱিক অত্যাচাৰৰ ব্লুপ্ৰিন্ট তৈয়াৰ কৰা হয় । কংগ্ৰেছ যাৰ কথা অসমীয়াই নাপাহৰে নাপাহৰিব । আপোনাৰ চাগে মনতে আছে সেই ১৯৮৩ৰ কথা । AIUDF যদিও সাম্প্ৰদায়িক দল নহয় আজমলক কেতিয়াও মুখ্যমন্ত্ৰী নাপাতে । বাকিবিলাক জাতীয়দল যি কেৱল বিদেশী বৰ্জনৰ ইছ্যুৰ ওপৰত ভিত্তি কৰি সংগঠিত। ইহতে ৰাজনীতিত গলেই ৰাজনীতি কৰে নে ৰণনীতি কৰে সকলো পাহৰি নিজৰ মৰ্যাদা বচাই ৰাখিবলৈ চেষ্টা কৰে। সৰ্বানান্দ সোণোৱালেও কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। অ গপই কব পাৰিবনে জাতিৰ বাবে কিবা কৰিছে তাৰ বিপৰীতে সিহতে অসমীয়াৰ ওপৰত কা জাপিয়াই দিবলৈ চেষ্টা কৰিছে। এয়াই নে জাতীয়তাবাদ ? ভোট দিয়া প্ৰাৰ্থী নিৰ্বাচন কৰা নিজৰ ব্যক্তিগত কথা। এতিয়া আপোনলোকেই ভাৱক এইলোকৰ মাজত কাক ভোট দিব ? কোনে চৰকাৰ গঠন কৰিব ? সেয়া হব লক্ষণীয়

Show CommentsClose Comments

Leave a comment

en_USEnglish