পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই একে-একোজন উদ্ধাৰ কাৰী পঠাইছে। আৰু ইয়াৰ কালক্ৰমে পঠোৱা নবী সকলৰ সংখ্য হৈছে এক লাখ চব্বিছ হাজাৰতকৈ অধিক।
ঠিক সেই বাবেই আল্লাহ তায়ালাই শেষ পয়গম্বৰ হিচাপে হজৰত মুহাম্মদ(ছাঃ) ক আমাৰ মাজলৈ পঠাইছে। ৰবীউল আওৱাল মাহৰ ১২ তাৰিখ ২৯ আগষ্ট ৫৭০ খৃষ্টাব্দ। হজৰত আব্দুল্লাৰ ঔৰক্ষত আৰু মা আমিনাৰ গৰ্বত স্থিতি লাভ কৰা বিশ্বৰ শান্তি দূত আৰু ইছলামৰ শেষ নবী মুহাম্মদ(ছাঃ) এ আৰব মৰুৰ মক্কা নগৰত এক উজ্জল স্বৰূপে জন্ম গ্ৰহন কৰে।
জন্মৰ ছমাহ পূৰ্বেই পিতৃহাৰা হোৱা শিশুটিৰ তত্বাৱ ধানৰ দায়িত্বত থকা আতায়েক আব্দুল মুতালিবে তেওঁৰ নাম ৰাখে হজৰক মোহাম্মদ অৰ্থাত চৰম প্ৰশংসিত। ডেকা কালতেই হজৰত মোহাম্মদ(ছাঃ) ৰ অমায়িক ভাৱ, মিঠা মাত আৰু সত্যবাদিতাৰ গুণত আৰব বাসী সকলে মুগ্ধ হৈছিল। ৫৮৮ খ্ৰীষ্টাব্দত আৰবৰ ফৈদবোৰৰ মাজত হাৰবে ফোজ্জাৰ নামেৰে গৃহযুদ্ধ আৰম্ভ হৈছিল। আৰু এই যুদ্ধ পাচ বছৰলৈ চলিছিল। এই যুদ্ধত হাজাৰ হাজাৰ পুৰুষ মহিলাই প্ৰাণ দিব লগা হৈছিল। তেতিয়াই নবী(ছঃ) নবুয়ত প্ৰাপ্তী হোৱাৰ আগতেই এই যুদ্ধ ক্ষেত্ৰৰ কৰুণ আৰু ভয়াবহ দৃশ্য দেখি অন্তৰ হাহাকাৰ কৰি উঠিছিল। সেয়েহে যুদ্ধ সমাপ্তিৰ পিছত তেখেতে কিছুমান উৎসাহী যুৱকক একগোট কৰি হিলফুল ফুজুল নামৰ স্বেচ্ছাসেৱক দল গঠন কৰি মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰছিল। এই স্বেচ্ছাসেৱী দলটোৱে কিছুমান চৰ্ত হল যে অত্যাচাৰী সকলক বাধা দি অসহায় আৰু দুৰ্গত লোকক সহায় কৰিব আৰু তেওঁলোকৰ শান্তি শৃংখলা ৰক্ষা কৰি সকলোৰ মাজত মীলা প্ৰীতি স্থাপনৰ চেষ্টা কৰিব। মুহাম্মদ(ছঃ) এ গঠন কৰা স্বেচ্ছাসেৱক দলটোৰ জৰিয়তে আৰব মসাজৰ যথেষ্ট উপকাৰ হৈছিল যাৰবাবে তেওক সকলোৱে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। সত্যবাদিতা, জন কল্যাণ , মহত্ব আৰু অমায়িক ব্যৱহাৰত মুগ্ধ হৈ আৰব বাসীয়ে হজৰত মুহাম্মদ(ছাঃ) আল আমিন (AL-AMIN) অৰ্থাৎ অতি বিশ্বাসী উপাধি প্ৰদান কৰিছিল।
আল্লাহ পাকে কোৰআনত কৈছে “ ইন্না লাকুম ফি ৰাছুল্লিল্লাহি উছৱাতান হাছনাহ” অৰ্থাৎ নিশ্চয় তোমালোকৰ কাৰণে ৰছুলুল্লাহ (ছঃ)ৰ জীৱনত নিহিত হৈ আছে সৰ্বত্তোম আদৰ্শ। সেয়েহে বিশ্বনবী(ছঃ) ৰ জীৱন চৰিতেই পূৰ্ণাংগ দ্বীনৰ নমুনা। যেতিয়া মক্কাত তেওঁৰ সত্যৰ ফালে মানুহক আহৱান জনালে। নাস্তিকতা আৰু মূৰ্তি পূজাৰ পৰা মানুহক হক আৰু ন্যায়ৰ ফালে আহিবলৈ কলে, মক্কাৰ বৃহত কোৰাইশ বংসৰ লগতে অন্যান্য ফৈদবিলাকেওঁ নবী(ছঃ) ৰ আৰু যি সকলে তেওঁৰ অনুসৰণ কৰিছিল তেওঁলোকক নিৰ্যাতন কৰিবলৈ ধৰিলে। অত্যাচাৰত টিকিব নোৱাৰি ধৰ্ম ৰক্ষাৰ বাৱে স্বদেশ এৰি মদিনালৈ হিজৰত কৰিবলগা হৈছিল। তেওঁলোকৰ আত্মীয় স্বজন আৰু মাতৃভূমি এৰি থাকিব লগীয়া হৈছিল।
আৰু যেতিয়া স্বদেশ ত্যাগ কৰি, মায়াৰ বন্ধনত আৱদ্ধ নহৈ মদিনালৈ নবী(ছঃ) আৰু কিছু সংখাক অনুসাৰী লগত লৈ আহিছিল।আনকি মদিনাত তেওঁলোকৰ মাজত দীৰ্ঘ সময় ধৰি বংশানুক্ৰমিক ভাবে বিবাদ চলি আহিছিল।বিশ্বনবী (ছঃ)য়ে মদিনাৰ গোত্ৰবোৰৰ মাজত বিবাদ দূৰ কৰি তাত শান্তি শৃংখলা প্ৰতিষ্ঠাৰে ঐক্য সমপ্ৰতি অটুট ৰখাৰ উদ্দেশ্যৰে এটা চুক্তি বা চনদ সম্পাদিত কৰিছিল। এই চনদৰ চৰ্ত সমূহ হল যে দেশবাসী হিচাপে মদিনাৰ সকলো সম্প্ৰদায়ৰ লোকেই নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰিব । নবী(ছঃ)ৰ বিনা অনুমতিত এটা সম্প্ৰদায়ে অইন সম্প্ৰদায়ৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত থাকিব নোৱাৰে। বিভিন্ন সম্প্ৰাদায়ৰ মাজত যদি কোনো বিষয়লৈ মতবিৰোধ দেখা দিয়ে তেন্তে আল্লাহৰ ৰাছুল (ছঃ)ৰ মীমাংসাৰ উপৰত সকলোৱে একমত থাকিব লাগিব।যদি কোনো বহিঃ শত্ৰৱে মদিনা আক্ৰমন কৰে তেনেহলে সকলো সম্প্ৰদায়ে একত্ৰিত ভাবে বাধা দিব লাগিব আৰু তাৰ বাবে হোৱা খৰচ বহন কৰিব লাগিব। কোনো লোকে গুপ্ত ষড়যন্ত্ৰত লিপ্ত থাকিব নোৱাৰিব আৰু তেনে কামত লিপ্ত থকা প্ৰমানিত হলে তেওঁক ৰাষ্ট্ৰদ্ৰোহী বুলি উচিত শাস্তি প্ৰদান কৰা হব।
এই চনদ কাৰ্যকৰী হোৱাৰ পিছত ৰক্তক্ষয়ী বিৰোধ দূৰ হৈছিল আৰু প্ৰশমিত হৈছিল আৰাজকতা। ইয়াৰ পাছত নবী(ছঃ)য়ে আত্মনিয়োগ কৰিছিল আৰু সুদৃঢ় ভেটিৰ ওপৰত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ। সেয়ে তেওঁ এই নীতি অৱলম্বন কৰিছিল “ live and let live others” এই চুক্তিখনৰ গুৰুত্ব বৰ্ণণা কৰি ইতিহাসিক k. ali য়ে কৈছে যে the character may be called the magna chaita early islam. এই চনদ টোৰ পৰা এইটো প্ৰমান হয় যে নবী (ছঃ)মাত্ৰ এজন ধৰ্মীয় দূতেই নাছিল বৰং তেও এজন বিশ্বৰ মহান ৰাষ্ট্ৰ নায়কও আছিল ।এই সম্বন্ধে ইতিহাসিক w.muri য়ে কৈছে ”it reveals the man in his real greatness-a master mind not only of his own age,but of all ages” এই চনদখনৰ দ্বাৰা নবী(ছঃ)য়ে মদিনাত এটা শক্তিশালী অৱস্থা প্ৰাপ্ত কৰিছিল। যাৰ বাবে কোৰাইশ সকলেওঁ চিন্তিত হৈ পৰিছিল। নবী(ছঃ)য়ে চুবুৰীয়া খ্ৰীষ্টান সকলৰ প্ৰতি এটা চনদ প্ৰদান কৰিছিল। যিটো উজ্জল সহিষ্ণুতাৰ কীৰ্তিস্তম্ভ স্বৰুপ আছিল। নবী (ছঃ) এই চনদৰ দায়িত্ব নিজেই লৈছিল,আৰু অনুগামীসকলক আদেশ দিছিল যে খ্ৰীষ্টান সকলৰ নিৰাপত্তা দিয়া, সকলো প্ৰকাৰৰ আঘাতৰ পৰা তেওঁলোকক ৰক্ষা কৰা আৰু তেওলোকৰ গীৰ্জা সুৰক্ষিত দায়িত্ব গ্ৰহন কৰা। তেওঁলোকৰ ওপৰত অন্যায় ভাৱে কৰ( tax ) আদায় আৰোপ কৰা নহয় ।কোনো খ্ৰীষ্টানক ধৰ্ম ত্যাগ কৰাৰ কাৰণে বাধ্য কৰা নহব। কোনো সন্ন্যাসীক তেওঁৰ মন্দিৰৰ পৰা বিতাৰণ কৰা নহব। মুছলমান সকলৰ মছজিদৰ কাৰণে কোনো খ্ৰীষ্টান গীৰ্জা ভঙা নহব । মুঠতে নবী(ছঃ) আহিছিল গোটেই বিশ্ব জগতৰ প্ৰাণ কৰ্তা হিচাপে। তেওঁৰ আদৰ্শ সকলোক মোহিত কৰিছিল।তেওঁ আছিল এক আদৰ্শ ৰাষ্ট্ৰ পিতা, আদৰ্শ ৰাজনৈতিক খনিকৰ, আদৰ্শ চিন্তাবিধ, এক আদৰ্শ দেউতা আৰু এক আদৰ্শ স্বামী। আচলতে কোনোবাই যদি ৰাজনীতিক নেতা হয় তেন্তে তেওঁ চিন্তা বিধ নহয়। আৰু এগৰাকী ভাল চিন্তাবিধ হলে এজন ভাল ৰাজনীতিক নেতা হব নোৱাৰে । কিন্তু তেওঁৰ ক্ষেত্ৰত সকলো প্ৰযোজ্য আছিল। আজি যদি নবী(ছঃ)ৰ অৰ্থনৈতিক হিচাপে সকলেই চলে তেনেহলে কোনো গৰীভ নাথাকিব । কিয়োনো ইছলামত জাকাত আদায় কৰা ফৰজ । প্ৰয়োজনৰ বাহিৰে সকলো গৰীভৰ মাজত বিলাই দিয়া ইছলামৰ নীতি ।
যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীক এবাৰ প্ৰশ্ন কৰা হৈছিল যে, ভাৰতৰ নিচিনা দেশক সুস্থ পৰিৱেশৰে চলাবলৈ হলে কোন কোন বাক্তিৰ প্ৰয়োজন পৰিব তেতিয়া তেওঁ উওৰ দিছিল মোহাম্মদ (ছঃ)আৰু তেওৰ দুই সংগী আবু বকৰ (ৰাঃ) আৰু ওমৰ ফাৰুক (ৰাঃ)। আৰব দেশৰ নিচিনা যত বিভিন্ন জাতি উপজাতি অশিক্ষিত বেদুইন যিসকলৰ মাজত দন্ধ আৰু যুদ্দৰে সদায় দেশখন অশান্তি কৰি ৰাখিছিল, যত কু-সংস্কাৰ আৰু অন্দমূলক বিশ্বাসেৰে ভৰি পৰি আছিল ।নবী(ছঃ)সিহঁতৰ মাজত প্ৰৱেশ কৰৰি এটি শক্তিশালি আৰু সুন্দৰ জাতিলৈ পৰিবৰ্তন কৰিছিল।

Show CommentsClose Comments

Leave a comment

en_USEnglish