লেখক – শাহিনুৰ আলম


আল্লাহৰ একমাত্ৰ মনোনীত ধৰ্ম হৈছে ইছলাম। আৰু এই ধৰ্মৰ সুৰক্ষাৰ দায়িত্ব আল্লাহ তাআলই স্বয়ং নিজে লৈছে। ইছলাম যেতিয়া সমগ্ৰ বিশ্বত বিস্তাৰ পাবলৈ ধৰিছে, অতীতৰ পৰাই এই ধৰ্মক উৎক্ষাত আৰু ধ্বংস-নিপাতৰ বাবে বিভিন্ন চেষ্টাৰ সৈতে কাম কৰি গৈ আছে। কিন্তু ইছলাম ধৰ্মৰ বিষয়ে যিজনে মহত্ব বুজি পাইছে তেওঁ নিজৰ জীৱন এক আলোৰ সন্ধানত পথ বিচাৰি পাইছে।
নবী(ছাঃ) ৰ সততা ,ন্যায় আৰু শিষ্টাচাৰ যদিও সমগ্ৰ আৰবত নবুয়ত প্ৰাপ্তীৰ আগতেই বিখ্যাত হৈ উঠিছিল, তেওঁ আল্লাহৰ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰ্যত সকলোৱে তেওঁৰ শত্ৰু ৰূপে পৰিণত হৈ পৰিছিল। কিয়নো এয়া আছিল তেওঁলোকৰ আত্ম্যাধিক বিশ্বাস পৰিৱৰ্ত্তনৰ কথা যিটো বহু যূগ দৰি তেওঁলোকৰ মাজত প্ৰচালিত হৈ আহিছিল। কিন্তু কাল ক্ৰমে ইছলাম ধৰ্মৰ ঐশ্বৰিক বাণী আলকোৰআনৰ মহত্ব আৰু নবী (ছাঃ) আদৰ্শৰ পৰা মোহিত হৈ একাংশই বৃহত ভূমিকা গ্ৰহণ কৰিছিল। ইছলাম ধৰ্মৰ অনিৰুদ্ধ যাত্ৰাক কোনো শত্ৰ পক্ষই বিভিন্ন চক্ৰান্তৰেও নস্যাৎ কৰিব পৰা নাই।
মক্কাত ইছলামৰ উত্থান ঃ-
ইছলাম প্ৰকাশ্য প্ৰচাৰ কৰাত নবী(ছাঃ) আৰু তেওঁৰ লগৰীয়া সকলে বিভিন্ন সমস্যাৰ সন্মূখীন হব লগা হৈছিল। আনকি বিভিন্ন নিষেধাজ্ঞা আৰোপৰ বলি হৈ শিবে আবু তালিব অৰ্থাৎ নবী (ছাঃ) ৰ খুড়ায়েক আবু তালিবৰ গুহাত আশ্ৰয় লই গছৰ পাতবোৰ খাবলৈ বাধ্য হৈছিল। মক্কাৰ কুৰাইশ সকলৰ পৰা বয়কট (Boycott)ৰ সন্মূখীন হৈ দুৰ্ভিক্ষ আৰু অনাহাৰে দিন কটাব লগীয়া হৈছিল। কিন্তু আনএজন নবী(ছাঃ)ৰ খুড়া হজৰত হামজা (ৰাঃ) ৰ ইছলাম গ্ৰহণত ইছলামৰ শক্তিৰ এক নতুন উত্থান আৰম্ভ হৈছিল।
হজৰত ওমৰ (ৰাঃ) ইছলাম গ্ৰহণ কৰাৰ আগত অধিক খঙাল আছিল। এবাৰ তেওঁ হাতত তৰোয়াল লৈ নবী(ছাঃ)ৰ মূৰ কাটিবলৈ উদ্দেশ্যৰে ৰোওণা হৈছিল। যোৱাৰ সময়ত বাটত এজন মানুহক লগ হল যিজনে গোপন ভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, তেওঁ যেতিয়া বিস্তাৰ ভাবে ওমৰ (ৰঃ) ৰ কথা ) ৰ কথা জানিব পাৰিছিল বৰকৈ ভয় খাইছিল। তেতিয়া তেওঁ ৰাস্তা আগুচি ধৰি কৈছিল, যে তুমি আগতে তোমাৰ ঘৰ খনত দেখি অহা, তোমাৰ ভনী আৰু জোৱায়েক ইছলাম গ্ৰহণ কৰিছে। হজৰত ওমৰ (ৰঃ) ৰ খঙত অগ্নিশিখা জলাই দিয়া হল। তেওঁ সৰু ভনীৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁ সচাকৈয়ে গৈ দেখিলে দুয়োজনে অভূতপূৰ্ব কিছুমাণ কোৰআণৰ বাণী মধুৰ কন্ঠত তেলায়াত কৰি আছে। ওমৰ (ৰঃ) এ তেওঁলোকক বৰকৈ আঘাত কৰিলে। শেষত তেওঁৰ ভনী আৰু জোৱায়েকৰ প্ৰতি মায়া উজলিল, কাৰণ দুয়োজনেৰে মূখৰ পৰা তেজ নিগৰি আছিল। তেওঁ ভনীৰ পৰা জানিব বিচাৰিলে কোনখন গ্ৰন্থ পঢ়ি আছিল। তেতিয়া গ্ৰন্থখন বিচৰাত তেওঁৰ ভনীয়ে কলে এয়া হৈছে কোৰআণ শ্বৰীফ কোনোৱাই অপৰিস্কাৰ হৈ এই পৱিত্ৰ গ্ৰন্থ খনক স্পৰ্শ কৰিব নোৱাৰে। গতিকে, আপুনি যদি এই গ্ৰন্থখনক বিচাৰে তেন্তে সৰ্ব প্ৰথমে ইছলাম গ্ৰহণ কৰি আহা।
কোৰআণ শ্বৰীফ হৈছে এনে এখন ধৰ্মীয় গ্ৰন্থ যত সকলো আয়াতত ৰশ্মী আৰু হিদায়তৰ এক উজ্জল বাৰ্তা নিহিত হৈ আছে । হজৰত ওমৰ (ৰাঃ)এ কিছুমান এনেকুৱা আয়াত শুনিবলৈ পাইছে যিয়ে কঠোৰ অন্তৰটো আকস্মৎ কঁপাবলৈ আৰম্ভ কৰাইছিল । তেওঁৰ আত্মাধিক চিন্তাধাৰাত এক নতুন জাগৰণৰ অৱতৰণ ঘটিছিল,যাৰ বাবে তেওঁক আল্লাহ আৰু ৰাচুল (ছাঃ) ৰ প্ৰতি বিশ্বাস কৰাবলৈ নিজাববীয়াকৈ বাধ্য় কৰাইছিল । লগে লগে তেওঁ চৰ্ত মানি লৈছিল ।সেয়েহে তেও নবী(ছাঃ)ৰ হাতত স্বইচ্ছায় গৈ ইছলাম গ্ৰহণ কৰি মক্কাত ইছলাম ধৰ্মৰ শক্তিৰ এক নতুন ৰূপ ৰূপায়িত কৰিছিল। মুছলমান সকলে যেতিয়া মক্কাৰ পৰা মদিনালৈ হিজৰত কৰিলে, এয়া এক মুছলিম বিশ্বৰ কাৰণে পুনৰুত্থানৰ যুগ বুলি ধাৰণা কৰিব পাৰি । বিদায়ি হজ (হাজ্জাতুল ৱিদা) পৰা নবী(ছাঃ) এ লক্ষাধিক হজযাত্ৰীৰ উদ্দেশ্য়ৰে যেতিয়া কৈছিল , হে বিশ্বাসী সকল তোমালোকে যিসকলে ইয়াত উপস্থিত আছা তেওঁলোকে যেন অনুপস্থিত সকলোক আমাৰ সত্যৰ বাৰ্তা পৌচায় দিয়ে । সেয়েহে হাজাৰ হাজাৰ ছাহাবা সকলে দীনি দাওৱাত প্ৰচাৰ কৰাৰ কাৰ্যত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ৰোওণা হৈছিল।
ভাৰতত ইছলামৰ আগ্ৰাসনঃ-
বহুতো ভাৰতৰ এতিহাসিকে বিশ্বাস কৰে যে সৰ্বপ্ৰথমে ইছলাম ভাৰতত কেৰেলা ৰাজ্যৰ মালাবাৰ অঞ্চলত ব্যায়বহুলভাৱে প্ৰচাৰ কৰা হৈছিল ।আৰু বিশ্বত কেৰেলাৰ মছলা সমূহৰ জনপ্ৰিয়তা খুবেই বেছি হোৱাৰ বাৱে আৰবৰ ব্যৱসায়ী ক সকলে আগৰ পৰাই নাৱেৰে সমূগ্ৰ পাৰ কেৰেলাৰ সৈতে যোগাযোগৰ সম্পৰ্ক ৰাখিছিল।যদিওঁ বহুতেই এই কথাত ভিন্ন মতামত দেখা যায়।
ইছলামত ব্যপকভাৱে বিস্তাৰৰ ক্ষেত্ৰত হজৰত মইনুদ্দিন আজমেৰি (ৰাঃ) ক উল্লেখ কৰাটো অত্যন্ত বাধ্যতামূলক। তেওঁ তেৰ শতিকাত আৰবৰ পৰা ধৰ্ম প্ৰচাৰৰৰ বাৱে ভাৰতলৈ আহে, তেওঁ সৰ্বেপ্ৰথমেই উত্তৰ ভাৰতলৈ আহে। তেওঁ প্ৰথেই উত্তৰ ভাৰতৰ ৰাজস্থানত থিতাপী লয়। তেতিয়া তাত কট্টৰপন্থী হিন্দু ৰাজপুত সকলে শাসন কৰি আছিল। পৃথিৱীৰাজ চোহান, আছিল সেই সময়ৰ ৰজা । আৰু তেওঁলোকৰ মাজত থকা সাধু-সন্তাবোৰ যাদু বিদ্যাত পাকৈত আছিল।
তেওঁৰ পদাৰ্পনত ভাৰতত এক নতুন যুগৰ আৰম্ভনি হৈছিল । তেওঁৰ সৎ ব্যাৱহাৰ আৰু ভাল আচৰণৰ প্ৰতি আকষিৰ্ত হৈ ১ লাখতকৈয়ো অধিক মানুহে স্ব-ইচ্ছাহ ইছলাম ধৰ্মন্ত্ৰিত হৈছিল । যি সকল হিন্দু সাধু-সন্তাবোৰ মুইনুদ্দিন আজহাৰি (ৰাঃ) ওপৰত কলা যাদু প্ৰয়োক কৰিছিল ,তেওঁৰ অসাধাৰণ কেৰামতৰ জৰিয়তে সকলো নস্যাৎ কৰি দিছিল । আৰু তাৰ ফলতেই বিভিন্নজনে নিজৰ হাৰ শিকাৰ কৰি তেওঁৰ শিষ্য হৈ ধৰ্ম প্ৰচাৰ কাৰ্য্যত উঠি পৰি লাগিছিল ।
ঠিক সেই দৰেই ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্ম গুৰুসকলৰ ভিতৰত আজান ফকিৰ প্ৰকৃত নাম ছৈয়দ মুইনুদ্দিন অন্যতম । তেওঁ সপ্তম শতিকাত আহিছিল । তেওঁ অসমৰ ছোৱালী বিয়া কৰাই স্থায়ীভাৱে থাকিবলৈ থাকিবলৈ লয়। আৰু অসমীয়া ভাষা শিক্ষা গ্ৰহণ কৰি জিকিৰ-জাৰীৰ জৰিয়তে ইছলাম ধৰ্মৰ তত্ত্ব ,আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশ কৰাই ধৰ্ম প্ৰচাৰ কৰে ।
তেওৰ জীৱনো আছিল বৰ সংঘাত পূৰ্ণ আছিল। আহোম ৰজা গদাধৰ সিংহই ধৰ্ম প্ৰচাৰ আৰু মোগলৰ গুপ্তচৰ অভিহিত কৰি তেওঁৰ দুই চোখকাঢ়ি লৈ যায় ফলত ব্ৰহ্মপুত্ৰৰ নদীৰ পানী উলোটা ফালে ববলৈ আৰু শেষ হৈ যাবলৈ ধৰে ।যেতিয়া আহোম ৰজাই তেওঁৰ মাহাত্ম্য বুজি পালে,তেতিয়া তেওঁৰ ওচৰত ক্ষমাখুজিলে আৰু সৰাগুৰি চাপৰিত মাটি ঘৰ সজাই ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰনে মান্তি হয়, লগতেই আজান ফকীৰ (ৰ) ৰ দোৱাৰ বৰকতত নদীৰ ভয়ংকৰ ৰূপ পূৰ্ণঃ আচল ৰূপ ধাৰণ কৰে ।এনেকৈয়ে বিভিন্ন সময়ত বহুতো-চুফী সকলৰ আগমন ঘটি ইছলাম ধৰ্মৰ আগ্ৰাসনৰ ক্ষেত্ৰত এক নতুন অধ্যায় আৰম্ভ হয়।
যি সকলে এতিয়াওঁ বিশ্বাস কৰে যে ইছলাম ধৰ্মতবলপূৰ্বকভাৱে জাপি দিয়াৰ কাৰণে অত্যাচাৰ চলোৱা হৈছিল, সেই সকলোৰ জানিব লগা বিষয় হৈছে যে মোগল সকল ৫০০ বছৰতকৈয়ো অধিক দিনলৈকে ভাৰতত শাসন কৰিছিল। কিন্তু তেওঁলোকে কাকো ধৰ্মান্ত্ৰিকৰন কৰাৰ বাবে জোৰ-জুলুম চলোৱা নাই। আনকি মোগলৰ ৰাজসভাতো বহুতো হিন্দুসকলৰ আগভাগ আৰু বিভিন্ন পদত নিয়োজিত হৈ আহিছিল। আগবৰ-বিৰবলৰ গল্প আমি নিশ্চয় শুনিবলৈ পাইছো, বিৰবল যদিও হিন্দু আছিল মোগল সম্ৰাট আকবৰৰ আটাইতকৈ ভাল নিৰ্ভৰযোগ্য ব্যাক্তি আছিল। ইচ্ছা কৰিলে মোগল ৰজাবিলাকে সকলো মন্দিৰ ভাঙি মছজিদ বনাব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে ইছলামৰ ৰীতি অনুযায়ী সকলোৰে লগত ন্যায় আৰু মিলাপ্ৰীতিৰ সৈতে শাসন চলাইছে। জাতি-উপজাতি ধৰ্ম-গোষ্ঠিৰ মাজত পাৰ্থক্য কৰা নাই।
যি সকলে ইছলাম ধৰ্মৰ মধুৰতা আৰু ইয়াৰ মহত্ব বুজি পাইছে তেওঁলোকে স্বইচ্ছাই ইছলামত দলে দলে যোগদান কৰিছে। মই এতিয়া আমেৰিকাৰ কিংবদন্তি বক্সাৰ মহম্মদ ( Cassilius Marclas Clay) আলীৰ কথা কবলৈ ওলাইছে, তেওঁ এবাৰ গিৰ্জালৈ যাওঁতে প্ৰৱেশ দ্বাৰত লিখা আছিল, যে ‘No entry for blacks and dogs” অৰ্থাত কলা মানুহ আৰু কুকুৰ বিলাকৰ বাবে প্ৰৱেশ নিষিদ্ধ।তেওঁ নিগ্ৰ হোৱাৰ বাৱে ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল। এবাৰ তেওঁ মছজিদৰ সম্মূখৰ ফালেদি গৈ থাকতে তাতে এদল মানুহক নামাজ পঢ়ি থকা অৱস্থাত দেখিব পালে, তাতে কলা-বগা সকলো শ্ৰণীৰ মানুহে একলগে নামাজ পঢ়ি আছিল। তেওঁ তৎক্ষণাৎ গৈ ইছলাম গ্ৰহণ কৰিলে। ইছলাম ধৰ্মত যে কোনো বৰ্ণ-বৈষম্য বা আন জাতি-উপজাতিৰ মাজত প্ৰাৰ্থক্য কৰা নাই তেওঁ ভালদৰে দৰে বুজি পাইছিল।
এনেতে মুহাম্মদ আলীৰ নিচিনা লক্ষাধিক লোকে ইছলাম ধৰ্মৰ প্ৰতি কেতিয়াবা সামাজিক নীতি,কোৰাণত থকা অলৌকিক শক্তি আৰু বিজ্ঞানিক ধ্যান ধাৰনা প্ৰতি আকৰ্ষিত হৈ ইছলামক জীৱন সংগী কৰি লৈছে।

Show CommentsClose Comments

Leave a comment

en_USEnglish