লেখকঃ জেহেৰুল ভূঞা


হজৰত ইব্ৰাহীম (আঃ) নিজৰ ঘৈনীয়েক হাজাৰা আৰু সন্তান ইছমাইলক লগত লৈ আৰবদেশত অৱস্থিত মক্কা নামৰ ঠাইত আগ বাঢ়ি গল। আশ্বা আছিল আল্লাহক ইবাদত (উপাসনা) কৰিবলৈ , এটা পৱিত্ৰ কেন্দ্ৰ স্থাপিত কৰিব যত হিদায়তৰ স্তম্ভ আৰু বিশ্বৰ মানুহৰ বাবে আশ্ৰম হৈ মুকলি থাকিব।
নিজৰ ঘৈনীয়েক আৰু সন্তানক এৰি নিজৰ গাৱলৈ উভতি আহিল। সেই সময়ত মক্কা আছিল এটা মৰুভূমি স্বৰূপ শুকান আৰু জন সূন্য় ঠাই। কণমানী ইছমাইলৰ পিয়াহত ভৰিৰ তলৰ পৰা জমজম কুৱাৰ সৃষ্টি হল।
ইছমাইল (আঃ) ডেকা হল। যত তেওঁৰ ইব্ৰহীম (আঃ) আল্লাহৰ নিৰ্দেশত তেওঁক কুৰবানী কৰিবলৈ ইচ্ছা কৰিলে। হজৰত ইছমাইল (আঃ) এয়া আল্লাহৰ নিৰ্দেশ বুলি নিজক অৰ্পণ কৰিলে কিন্তু এনে এটা সিদ্ধান্ত্য় লোৱাত সন্তুষ্ট হৈ মহান আল্লাহে ইছমাইল (আঃ)ৰ পৰৱৰ্তিত এটা দুম্বা কুৰবান কৰালে।
ইব্ৰাহীম (আঃ) নিজৰ পুতেক ইছমাইল (আঃ) সহকাৰে মক্কাত আল্লাহৰ ঘৰ অৰ্থাত কাবা বনালে যাতে এয়া ইছলাম ধৰ্মৰ কেন্দ্ৰ হব পাৰে। তেওঁলোকে আল্লাহক প্ৰাৰ্থনা কৰিলে যে, আল্লাহে যাতে এই কাৰ্য খিনি সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ গোষ্টীৰ পৰা এজন নবী পঠাই দিয়ে যিয়ে সমগ্ৰ বিশ্বৰ কাৰণে এজন মুক্ত স্বৰূপ আৰু আশাৰ কিৰণ হব।
যাৰ প্ৰতিৰোধত আল্লাহে আখিৰি আৰু সৰ্বশ্ৰেষ্ঠ নবীৰ আগমন প্ৰায় পাচঁ হাজাৰমান বছৰ পিছত এই বংশতেই নবী কৰিম মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামক আগমন কৰায়।

Show CommentsClose Comments

Leave a comment

en_USEnglish