লেখকঃ শ্বাহনুৰ আলম


আৰব বিশ্বত মধ্য় যূগৰ ইতিহাস সকলো মানৱ জাতিৰ নিজাূববীয়াকৈ উমানৰ কেন্দ্ৰ স্বৰূপ হিচাপে ধাৰণ কৰিব পাৰি। আৰু যেতিয়া সেই সময়ৰ কথা গৱেষণা কৰিবলৈ আৰম্ভ কৰো তেনেহলে আমি এটা অন্ধকাৰ আৰু কু-সংস্কাৰেৰে ভৰপূৰ হৈ থকা-ফাতৰাত- (আৰবীক শব্দ যত কোনো আল্লাহৰ দূত নাইবা ৰছুল সেই সময়ত পঠোৱা হোৱা নাই) যূগ দেখিবলৈ পাম।
মাথোঁন আমি যদি এইবোৰ কথা আৰব বিশ্বতেই সীমাবদ্ধ কৰি ৰাখো তেনেহলে এইটো কথা উপযুক্ত হব নোৱাৰে কিয়নো পৃথিৱীৰ সকলো ঠাইত তেতিয়া অন্ধকাৰ আৰু কু-সংস্কাৰেৰে আৱৰি পৰিছিল। আনকি আমাৰ দেশ ভাৰত বৰ্ষতো স্বতী প্ৰথা অৰ্থাত নিজ স্বামীৰ মৃত্য়ুত সেইজনী ঘৈনীয়েককো ৰাইজে চিতাত জলাই দিছিল। ইউৰোপ মহাদেশ, শ্ৰীলংকা দেশ সমূহত নিজৰ ভনীসকলোক ভাইসকলে বিয়া কৰিছিল যাতে সম্পতিৰ ভাগ-বতৰা কৰিব নালাগে।
আৰু এইবোৰ নিৰ্বোধ আৰু নিৰ্লজ্জ্য় বোৰৰ মূল কেন্দ্ৰ ৰূপে পৰিচিত হৈ পৰিছিল বৰ্তমানৰ পৱিত্ৰ মক্কা নগৰ ।তেওঁলোকৰ ভিবিন্ন জনগোষ্টিৰ মাজত যুদ্ধ বিগ্ৰহ হোৱাটো ডাঙৰ কথাই নাছিল। ঠিক যেনেকৈ ভাৰতত ব্ৰাহ্মণ আৰু ক্ষূদ্ৰ সকলোৰ মাজত ই প্ৰাৰ্থক্য় চলি আছিল ঠিক তেনেদৰেই আৰবতেও ধনী-দূখীয়াৰ মাজত প্ৰাৰ্থক্য় বা শ্ৰেণী বিভাজন চলি আছিল। মানুহ বেচা-কিনা কৰাৰ এটা প্ৰথা চলি আছিল।
মদ, সুন্ধৰী আৰু যুদ্ধ বিগ্ৰহ কৰাটো তেওঁলোকৰ আটাইতকৈ প্ৰিয় কাম আছিল। অবৈধ দেহা ব্য়াৱসায়ীৰ মুকলি কেন্দ্ৰ আছিল। সেয়েহে কণ্য়া সন্তান জন্ম দিয়া অমঙ্গল জনক বুলি গণ্য় কৰা হৈছিল। যাৰ বাবে কণ্য়া সন্তান বোৰক প্ৰস্ৰৱ কৰাৰ পিছতেই জীৱন্ত দাফন কৰি দিয়া হৈছিল।

Show CommentsClose Comments

Leave a comment

en_USEnglish