নিশ্চয় আল্লাহ তা’লাই বিচাৰিছিল যে আৰবত ইছলামৰ পোহৰ পৰক আৰু কোনোবা এজনে আহি তেওঁলোকক ইছলামৰ প্ৰতি দাৱাত দিয়ক আৰু ইছলামৰ নিতী-নিয়ম, আদেশবোৰ যেন ভাল কৈ আয়ত্ত কৰাই দিব পাৰে সেইবাবে তেওঁৰ দূত মুহাম্মদ (ছাঃ)ক আৰবলৈ পঠাইছিল।
প্ৰধান কথাটো হল যে, ইমান বছৰ ধৰি আৰবত কোনো নবীক পঠোৱা হোৱা নাছিল বা কোনো কিতাপ পঠোৱা হোৱা নাছিল যাৰ দ্বাৰা তেওঁলোকে শুদ্ধ পথ আৰু ভাল কামলৈ আহিব পাৰিব। আৰবত নবী (ছাঃ) অহাৰ আগত কোনো কিতাপ নাজিল (অৱতিৰ্ণ) নহাৰ আগলৈকে আৰব আছিল একদম অন্ধকাৰত আৰু সেই সময় খিনীক কোৱা হয় অন্ধকাৰ কাল ( period of ignorance)।
অন্ধকাৰৰ কাল বুলি কিয় কোৱা হৈছিল? নবী (ছাঃ) অহাৰ আগত আৰবৰ সেই যুগক অন্ধকাৰৰ কাল বুলি কোৱা হৈছিল কাৰণ, তেওঁলোক (আৰবৰ মানুহ সকল) ইমান মূৰ্খ আছিল যে সৰু বা সাধাৰণ এটা কাৰণৰ বাবে তেওঁলোকে হাজাৰ হাজাৰ বছৰ কাজিয়া বা যুদ্ধত লিপ্ত হৈছিল আৰু কোনোবা ঘৰত যদি ছোৱালী জন্ম হৈছিল, তেতিয়া তেওঁলোকে সেই ছোৱালী নৱজাতক জীৱন্তে পুতি থৈছিল, আৰু মহিলাক একেবাৰে নিম্ন ভাবিছিল আৰু মাহেকীয়া হলে খাবলৈ দিয়া হোৱা নাছিল, ঠিক এনেদৰে আৰু বহুত মূৰ্খামি কাম আছিল যাৰ বাবে সেই যুগক অন্ধকাৰৰ কাল বুলি কোৱা হৈছিল।
সেইবাবে আল্লাহ তাআলাই আৰবক অন্ধকাৰৰ পৰা পোহৰলৈ, বেয়া কাম, বেয়া স্বভাৱ আৰু লেতেৰা সংস্কৃতিবোৰৰ পৰা আতৰ কৰিবলৈ তেওঁৰ দূত নবী (ছাঃ) ক আৰবলৈ পঠাইছিল। নবী (ছাঃ) অহাৰ পিছত আৰবৰ মানুহৰ মাজত প্ৰচলিত হৈ থকা বেয়া কাম, বেয়া স্বভাৱ আদি সকলো দূৰ হৈ গৈছিল। নবী (ছাঃ)মে আহি তেওঁলোকক অন্ধকাৰ যূগৰ পৰা পোহৰলৈ আনিলে আৰু তেওঁলোকৰ সংস্কৃতিক চহকী আৰু গোটেই বিশ্বৰ আগত বিখ্য়াত আৰু আকৰ্ষনীয় কৰি তুলিলে আৰু সকলোকে ভাতৃত্ববোধ, অহিংসা আৰু মানৱতাৰ জ্ঞান দিলে।
নবী ইব্ৰহিম (আঃ) আৰু ইছমাইল (আঃ) এই দুয়োজনে আৰবৰ মক্কাত কাবা শ্বৰিফ সাজি উলিয়াইছিল। এই ঠাইক ইছলাম ধৰ্মৰ কেন্দ্ৰ হিচাপে গন্য় কৰা হৈছিল, সেইবাবে এই ঠাইতে নবী (ছাঃ)মক পঠাইছিল, যাতে ইছলামৰ কেন্দ্ৰৰ পৰাই ইছলামৰ দাৱাত কৰে আৰু মানুহক যেন শুদ্ধ পথলৈ ৰূপান্তৰিত কৰে। এইয়া আছিল দ্বিতীয় কাৰণ, যাৰ বাবে মুহাম্মদ (ছাঃ)মক আৰবলৈ পঠোৱা হৈছিল।

লেখকঃ- হালিমুজ জামান

                                                                                                                  
Show CommentsClose Comments

Leave a comment

en_USEnglish