أعوذ بالله من الشيطان الرجيم
মই আল্লাহৰ পৰা বহিস্কৃত চয়তানৰ পৰা আশ্ৰয় বিচাৰো।
بسم الله الرحمن الرحىيم
মই আৰম্ভ কৰো মহান কৰুনাময় আৰু দয়ালু আল্লাহৰ নামত ।
الحمد لله رب العالمين. সকলো প্ৰশংসা সেইজন মহান আল্লাহৰ বাবে যিজন গোটেই বিশ্বব্ৰহ্মান্ডৰ প্ৰতি পালক ।
الرحمن الرحيم
যিজন ৰহমান আৰু ৰহিম ।
مالك يوم الدين
যিজন কিয়ামতৰ দিনৰ মালিক।
إياك نعبد و إياك نستعين
আমি কেৱল আপোনাৰ( আল্লাহৰ ) ইবাদত কৰো আৰু আপোনাৰ পৰাই সহায় সহযোগিতা বিচাৰো।
إهدنا الصراط المستقيم
আমাক সত্যৰ পথত চলাৰ সুযোগ দিয়ক।
صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين
সেইসকলৰ পথত চলাৰ সুযোগ দিয়ক যি সকলৰ ওপৰত আপোনাৰ আৰ্শীবাদ আছে সেইসকলৰ পথত নহয় যিসকলৰ ওপৰত আপোনাৰ খং আৰু সিহঁতে আপোনাৰ পৰা পথভ্ৰষ্ট হৈছে।
آمين
আমিন।

ছুৰা ফাতিহাৰ ফযিলত ( হাদিছৰ পৰা )

হজৰত মুহাম্মদ (ছাঃ) মে কৈছেঃ ছুৰা ফাতিহাৰ নিচিনা কোনো ছুৰা আল্লাহ তালাই তৌৰাত আৰু ইনজিলত নাজিল কৰা নাই।

ইবনে আব্বাছ (ৰাঃ) দ্বাৰা বৰ্ণিত যে, যেতিয়া জিবৰাইল (আঃ) নবী (ছাঃ)ৰ ওচৰত বহি আছিল তেতিয়া আমাৰ নবী ওপৰৰ পৰা এটা শব্দ শুনিছিল আৰু মূৰখন ওপৰফালে কৰি কৈছিল এইটো এটা আকাশৰ দুৱাৰ যিটো আজিৰ বাহিৰে আন কোনো দিনো খোলা নহয় আৰু তেতিয়া এজন ফিৰিস্তা নাজিল হৈছিল সই ফিৰিস্তাজন আজিৰ বাহিৰে অইন কোনো দিনো নাজিল নহয়। নবীক ছালাম আগবঢ়ালে আৰু সু-সংবাদ দিলে যে আপোনাৰ কাৰণে দুটা নুৰ দিয়া হৈছে যিটো অইন কোনো নবীক দিয়া হোৱা নাই, সেই দুটা নুৰ হৈছে – ছুৰা ফাতিহা আৰু ছুৰা বাকাৰাৰ শেষ দুই আয়াত ইয়াৰ প্ৰতিটো আখৰে আখৰে নেকি দিয়া হব।

লেখকঃৰুহুল আমি

Show CommentsClose Comments

Leave a comment

en_USEnglish