লেখকঃ আনাৰ আলী

قال الله تعالى :قل إن تخفوا ما في صدوركم أو تبدوه يعلمه الله – 29 :آل عمران
আল্লাহ তালাই কৈছে ,তুমি (নবী) কৈ দিয়া যে,তোমালোকে অন্তৰত যি লুকাই ৰাখা আৰু যি বাহিৰত প্ৰকাশ কৰা আল্লাহ সকলো জানে। ছুৰা আল-ইমৰাণঃ২৯

عن أمير المؤمنين عمربن الخطاب رضي الله عنه قال سمعت رسول الله صلى الله عليه و سلم يقول إنما الأعمال بالنيات وإنما لكل إمرئ ما نوى فمن كانت هجرته إلى الله ورسوله فهجرته إلى الله ورسوله ومن كانت هجرته لدنيا يصيبها أو امرأة ينكحها فهجرته إلى ما هاجر إليه- متفق عليه
ওমৰ বিন খাত্তাব (ৰাঃ) দ্বাৰা বৰ্ণিত যে, তেখেতে কৈছে যে, মই নবী (ছাঃ) ৰ পৰা শুনিছো, নবী (ছাঃ) কৈছে যে, সকলো কৰ্ম নিয়তৰ ওপৰত নিৰ্ভৰ কৰে, প্ৰতিটো মানুহে যিটো নিয়ত কৰিব সেইটোয়ে হব । যদি কোনোবাৰ নিয়ত আল্লাহ আৰু ৰাছুললৈ ভ্ৰমণ কৰা হয় তেনেহলে ভ্ৰমণটো আল্লাহ আৰু ৰাছুললৈ হব।যদি কোনোবাৰ নিয়ত সংসাৰ পাবলৈ বা কোনো ছোৱালীক বিয়া পাতিবলৈ হয় তেনেহলে সেইটোয়েই হব। (মুত্তাফিকুন আলাইহি)

وعن أم المؤمنين أم عبد الله عائشة رضي الله عنها قالت قال رسول الله صلى الله عليه و سلم يغزو جيش الكعبة فإذا كانوا ببيداء من الأرض يخسف بأولهم وآخرهم قالت قلت يا رسول الله كيف يخسف بأولهم وآخرهم وفيهم أسواقهم و من ليس منهم قال يخسف بأولهم و آخرهم ثم يبعثون على نياتهم- متفق عليه
আয়িশ্বা (ৰাঃ) দ্বাৰা বৰ্ণিত, ৰাছুল (ছাঃ) কৈছে যে, মৰুভূমিৰ মাজত এদল চিপাহী কাবা শ্বৰীফ ভাঙিবলৈ আহিলে। তেওঁলোকৰ পিছৰ পৰা আৰু সন্মুখৰ পৰা মাটি ওলোটাকৈ দবাই দিয়া হল। আয়িশ্বা (ৰাঃ) কলে, হে আল্লাহৰ ৰাছুল কেনেকৈ দবাব পাৰে কিয়নো তাতে বজাৰ আছে আৰু নিষ্পাপ মানুহও আছে ।ৰাছুল কলেঃ– সকলো মৰাৰ পিছত নিয়তৰ ওপৰত ভিত্তি কৰি জিন্দা কৰা হব।(মুত্তাফিকুন আলাইহি)

وعن أبي هريرة عبد الرحمان بن صخر رضي الله عنه قال: قال رسول الله صلى الله عليه و سلم إن الله لا ينظر إلى أجسامكم ولا إلى صوركم ولكن ينظر إلى قلوبكم وأعمالكم-رواه مسلم
আবু হুৰাইৰা আব্দুৰ ৰহমান বিন ছখৰ (ৰাঃ) কৈছে –ৰাছুল (ছাঃ)কৈছে –নিশ্চয় আল্লাহ তাআলা তোমালোকৰ শৰীৰৰ ফালে নেদেখে , মূখৰ ফালে নেদেখে কিন্তু তোমালোকৰ অন্তৰৰ ফালে আৰু আমলৰ ফালেহে দেখে।(মুছলিম শ্বৰীফ)

وعن أبي موسى عبد الله بن قيس الأشعري رضي الله عنه قال سئل رسول الله صلى الله عليه وسلم عن الرجل يقاتل شجاعته ويقاتل حمية ويقاتل رياء أي ذلك في سبيل الله فقال رسول الله صلى الله عليه و سلم من قاتل لتكون كلمة الله هي العلياء فهو في سبيل الله -متفق عليه
আবু মোছা আব্দুল্লাহ বিন কাইচুল আশ্বআৰী (ৰাঃ) কৈছে -ৰাছুল (ছাঃ)ক এজন মানুহৰ বিষয়ে সুধিলে, যিয়ে সাহস দেখুৱাবলৈ যুদ্ধ কৰে, বংশৰ কাৰণে যুদ্ধ কৰে , আৰু মানুহক দেখুৱাবলৈ যুদ্ধ কৰে।ইয়াৰ মাজত কোনটো যুদ্ধ আল্লাহৰ ৰাস্তাত? ৰাছুল (ছাঃ) কলে –যিয়ে আল্লাহৰ কালিমা উচ্চ কৰিবলৈ যুদ্ধ কৰিছে সেইটো আল্লাহৰ ৰাস্তাত। (মুত্তাফিকুন আলাইহি)

وعن أبي هريرة رضي الله عنه قال قال رسول الله صلى الله عليه و سلم صلاة الرجل في جماعة تزيد على صلا ته في سوقه وبيته بضعا وعشرين درجة وذلك أن أحدهم إذا توضأ فأحسن الوضوء ثم أتى المسجد لا يريد إلا الصلاة لا ينهزه إلا الصلاة لم يخط خطوة إلا رفع له بها درجة وحط عنه بها خطيئة حتى يدخل المسدجد فإذا دخل المسجد كان في الصلاة ما كانت الصلاة هي التي تحسبه والملائكة يصلون على أحدكم ما دام في مجلسه الذي صلى فيه يقولون اللهم ارحمه اللهم اغفر له تب عليه ما لم يؤذفيه ما لم يحدث فيه-متفق عليه
আবু হুৰাইৰা (ৰাঃ) কৈছে যে, ৰাছুল (ছাঃ) কৈছে ,এজন মানুহে জামাতৰ লগত নামাজ পঢ়িলে ,বিনা –জামাতৰ পৰা ২০ গুণতকৈ বেছি নেকি পোৱা যায়,আৰু যদি কনোবাই পৰিপূৰ্ণৰূপে ভাল কৰি অজু কৰি তাৰ পিছত একমাত্ৰ নামাজৰ নিয়ত কৰি মছজিদলৈ যায় , তেনেহলে মছজিদ পোৱাৰ আগলৈকে যিমানবোৰ ভৰি মাটিত পেলাব সিমান নেকি পাব আৰু সিমান পাপ মাফ হব।আৰু মছজিদৰ ভিতৰত যেতিয়ালৈ পাক হৈ কাৰোবাক কষ্ট নিদিয়াকৈ বহি থাকিব , ফিৰিস্তাসকলে তেওঁৰ বাবে দৰুদ পঢ়িব আৰু কব- হে আল্লাহ তেওঁক দয়া কৰা,মাফ কৰা,তেওঁৰ তৌবা গ্ৰহণ কৰা। (মুত্তাফিকুন আলাইহি)

Show CommentsClose Comments

Leave a comment

en_USEnglish