মহৰম মুছলমানসকলৰ মানসকলৰ এটা ডাঙৰ উৎসৱ। ইছলামিক কেলেণ্ডাৰ অৰ্থাৎ হিজৰী কেলেণ্ডাৰৰ প্ৰথম মাহ হল মহৰম। মানুহে যিদৰে জানুৱাৰী মাহটো নববৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰে ঠিক তেনেদৰেই মুছলমানসকলে সকলে মহৰম মাহটোক নববৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰে।এই মাহতে মুছলমান সকলৰ বিভিন্ন ধৰণৰ উল্লেখযোগ্য ঘটনা ঘটিছিল । তাৰ ভিতৰত মহৰম ১০ তাৰিখে শ্বীমাৰ নামৰ এজন ব্যক্তিয়ে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ মৰমৰ নাতি হজৰত হুছেইনৰ মূৰটো কাটি পেলাইছিল বুলি এই দিনটো শোক দিৱস “মহৰম ” হিচাপে পালন কৰা হয়।

বৰ্ণনা:-
মহৰম মাহৰ ১০ তাৰিখেই আল্লাহ তাআলাই এই জগতক সৃষ্টি কৰিছিল আৰু এই দিনতেই কোনো এটা শুক্ৰবাৰত এই জগতখনক ধ্বংস কৰিব। এনেদৰে এই দিনটোত বহু অদ্ভুত ঘটনা ঘটিছিল।গতিকে এই দিনটো মুছলমানসকলৰ বাবে বহু গুৰুত্বপূৰ্ণ দিন। এই দিনটোত মুছলিম মানুহে নামাজ পঢ়ি ,ৰোজা ৰাখি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়।

মহৰম ৰোজাৰ ফজিলত কি?

মোহাৰমৰ দুটা ৰোজা ৰখা আমাৰ ওপৰত ছুন্নত। আৰু ইয়াৰ ৰোজা ৰাখিলে বহুত ফজিলত পোৱা যায় । আৰু ইয়াৰ ফজিলতৰ ওপৰত বহুত হাদীছ বৰ্ণনা কৰা হৈছে৷ তাৰ পৰা কিছু হাদীছ তলত বৰ্ণনা কৰা হল:
عن ابي هريرة رضي الله عنه قال قال النبي صلى الله عليه وسلم افضل الصيام بعد صيام رمضان شهر الله المحرم.

ইয়াৰ অৰ্থ হৈছে যে :নবী কৰিম (ছা:) বৰ্ণনা কৰিছে যে ৰমজান মাহৰ পিছত সকলোতকৈ উত্তম ৰোজা হল মোহাৰম মাহৰ ৰোজা।

قال رسول الله صلى الله عليه وسلم أحتسب على الله ان يكفر السنة التي قبله.

ইয়াৰ অৰ্থ হ’ল যে মহম্মদ (ছাঃ) মে কৈছে যে যিজন ব্যক্তিয়ে আশ্বুৰাৰ দিনটোত ৰোজা ৰখিব অৰ্থাৎ ১০ মহৰমৰ দিনা, আল্লাহে তেওঁৰ যোৱা ১ বছৰৰ সকলো গুণাহ মাফ কৰি দিব।

এনেধৰণৰ বহুতো হাদিছ মহৰম মাহৰ ৰোজাৰ ওপৰত বৰ্ণনা কৰা হৈছে।
এতিয়া প্ৰশ্ন হয় যে আমি কিয় মহৰমৰ দুটা ৰোজা ৰাখিব লাগে ? মুছা ( আ)আৰু আগৰ দিনৰ মানুহে মাত্ৰ এটা ৰোজা অৰ্থাৎ মহৰমৰ ১০ তাৰিখত ৰোজা ৰাখিছিল আৰু ইহুদী সকলোৱেও এটা ৰোজা ৰাখে।

এই প্ৰশ্নৰ উত্তৰ এনেকুৱা যে যেতিয়া নবী (ছঃ)আৰু ছাহাবা সকলে হিজৰা কৰি মক্কালৈ গৈছিল তেতিয়া নবী (ছঃ) মে ইহুদী সকলোক এই দিনতো অৰ্থাত দহ মহৰমত কিয় ৰোজা ৰাখে বুলি প্ৰশ্ন কৰিছিল ।
তেতিয়া ইহুদী সকলোৱে উত্তৰ দিছিল যে আজিৰ দিনত (দহ মহৰমত আমাৰ নবী মুছা(আঃ)মে ফিৰাউনৰ হাতৰ পৰা মুক্তি পাইছিল।
সেইবাবে আমি আনন্দতে এই দিনত ৰোজা ৰাখো। তেতিয়া নবী (ছঃ)মে ক’লে যে মূছা(আঃ)মে ফিৰাউনৰ পৰা মুক্তি পোৱাটো আমাৰ বাবে এক অতি আনন্দৰ কথা ।কাৰণ তেওঁ আমাৰ পূৰ্বৰ নবী আৰু কলে যে অহা বছৰলৈকে যদি মই জীয়াই থাকো তেন্তে মই ৯ মহৰমতো ৰোজা ৰাখিম। কিন্তু দুখৰ কথা যে অহা বছৰ অহাৰ আগতেই আমাৰ নবী মৃত্যু বৰণ কৰে।

কিন্তু প্ৰশ্ন হয় নবী (ছাঃ) মে কিয় তেনেকুৱা কৈছিল। ইয়াৰ উত্তৰ হ’ল, যে নবী (ছাঃ) ইয়াৰ কাৰণেই কৈছিল যে , আমি অইন ধৰ্মৰ নিচিনা আমল বা কাম কৰিব নালাগে। কাৰণ ইহুদি সকলে খালি মহৰমৰ ১০ তাৰিখত ৰোজা ৰাখে কিন্তু, আমি তেওঁলোকৰ বিৰোধিতা কৰাৰ কাৰণে মহৰম মাহৰ ৯ আৰু ১০ তাৰিখত বা ১০ আৰু ১১ তাৰিখত অৰ্থাৎ ১০ আৰু তাৰ আগৰ দিন বা ১০ আৰু তাৰ পিছৰ দিনটোত ৰোজা ৰাখিব লাগে। আৰু তেতিয়াৰ পৰাই মহৰম মাহত দুটা ৰোজা ৰখা আমাৰ ওপৰত ছুন্নত হৈছে।

মহৰমৰ ১০ তাৰিখত হোৱা কিছু অদ্ভুত ঘটনা

মহৰম মাহৰ ১০ তাৰিখ এনেকুৱা এটা দিন যি দিনত বহুত অদ্ভুত ঘটনা ঘটিছিল। তাৰ পৰা কিছু অদ্ভুত ঘটনা তলত উল্লেখ কৰা হ’ল:-

👉আল্লাহ তাআলাই এই দিনতে আমাৰ এই পৃথিৱীখন সৃষ্টি কৰিছিল।

👉মুছা (আঃ) এ এই দিনতে তেওঁৰ একমাত্র শত্ৰু ফিৰআউনৰ পৰা মুক্তি লাভ কৰিছিল।

👉হজৰত ইউনুছ (আঃ) য়ে এই দিনতে মাছৰ পেটৰ পৰা মুক্তি লাভ কৰিছিল৷

👉আয়য়ুব (আঃ) য়ে এই দিনতে তেওঁৰ ভয়ংকৰ বেমাৰৰ পৰা আৰোগ্য পাইছিল।

👉আদম (আঃ) য়ে পোন প্ৰথম বাৰৰ বাবে ১০ মহৰমৰ দিনাই পৃথিৱীৰ বুকুত ভৰি ৰাখিছিল।

👉সৰ্ব প্ৰথমত এই দিনটোতে এই পৃথিৱীত বৰষুণ হৈছিল।

👉আল্লাহ তাআলাই এই দিনটোত আদম (আঃ)ৰ তৌবা কবুল কৰিছিল৷

👉ইউছুফ (আঃ) য়ে এই দিনতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল৷

👉এই ১০ মহৰমৰ দিনা হুজুৰ (ছাঃ) ৰ নাতি ইমাম হুছেইন (ৰাঃ) কাৰবালা ময়দানত য়েজিদ সেনাবাহিনীৰ সৈতে হোৱা যুদ্ধত মৃত্যু বৰণ বা শ্বহীদ হৈছিল৷ এই ঘটনাটোৰ নামেই হ’ল “কাৰবালা যুদ্ধ” । ইয়াৰ বৰ্ণনা তলত উল্লেখ কৰা হৈছে:-

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুৰ পিছত তেওঁৰ আসন গ্ৰহণ কৰাজনক মুছলমানমান সকলে “খালিফা” বুলিছিল । চতুৰ্থ খালিফা হজৰত আলী (ৰাঃ)‌ মৃত্যুৰ পিছত খালিফা আসনৰ বাবে আৰব দেশত গণ্ডগোলৰ সৃষ্টি হৈছিল । হজৰত মুৱাৱিয়া (ৰাঃ) হজৰত মহম্মদ(ছাঃ)ৰ এজন ভক্ত আছিল । হজৰত মূৱাৱিয়া দামাশ্বক দেশৰ শাসন কৰ্তা আছিল। হজৰত মুৱাৱিয়া (ৰাঃ) তেওঁৰ পুতেক য়াজিদক খালিফা পতাৰ কাৰণে ইচ্ছা কৰিছিল । কিন্তু মুছলমান সকলে হজৰত আলী (ৰাঃ)ৰ পুতেক হজৰত হাছানক খালিফা পতাৰ কাৰণে ইচ্ছা কৰিছিল। মূৱাৱিয়াৰ মৃত্যুৰ পিছত য়াজিদ দামাশ্বকৰ ৰজা হয় আৰু পিছত খালিফা হোৱাৰ বাবে নানা ধৰণৰ চিন্তা কৰিবলৈ ধৰিলে। তেওঁলোক (য়াজিদসকলে) নানা কুটবুদ্ধিৰে হাছানক বিষ খুৱাই মাৰিলে।
মৰুভূমিত হুছেইনৰ লগৰীয়াসকলৰ পিয়াহত অণ্ঠ কন্ঠ শুকাই গৈছিল। তেওঁলোকে সেই ঠাইত থকা ফুৰাত নদীত পানী পিবলৈ যোৱাত সৈন্যবোৰে বাধা দিছিল আৰু তেতিয়া সিহতৰ মাজত তুমুল ৰণ লাগিছিল।সেই ৰণত হুছেইনৰ লগৰীয়াসকলৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

অৱশেষত যেতিয়া হুছেইন (ৰা:) নামাজ পঢ়িবলৈ থিয় হৈছিল তেতিয়া শত্ৰু সৈন্যই তেওঁক আত্ৰুমণ কৰিছিল অৰু শ্বীমাৰ নামৰ পাপীষ্ঠই হুছেইনৰ মূৰটো কাটি পেলাইছিল। এইদৰে হুছেইন কাৰবালাৰ ময়দানত শ্বহীদ হৈছিল।

সামৰণি

মহৰম মাহটো সকলো মুছলমান সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
এই মাহৰ ১০ তাৰিখটো তাত কৈ বেছি গুৰুত্ব পূর্ণ।
এই মাহতে বহুতো ইছলামিক ঘটনা ঘটিছে। যাৰ বিষয়ে আমি আগতে চৰ্চা কৰিছোঁ।
সেই কাৰণে সকলো মুছলমান মানুহৰ ওপৰত মাহটোত ভালকৈ থকা উচিত, আৰু সকলো ঘটনাকে মনত পেলাই তেখেত সকলৰ বাবে ৰোজা ৰখা ভাল।
বিশেষ কৈ এই মাহৰ ৯ আৰু ১০ বা ১০ আৰু ১১ তাৰিখে ৰোজা ৰখাটো ছুন্নত কৰা হৈছে, যাতে সকলোৱে এই মাহৰ সকলো ঘটনা বোৰ বুজি পায়।
আৰু গোটেই মাহটোত ৰোজা ৰখাটো বহুত ভাল বুলি কোৱা হৈছে।
আল্লাই যেন আমাক ইয়াৰ ওপৰত আমল কৰিবলৈ তৌফিক দিয়ে যেন, আমিন।

লিখক,
আবু ছাহেদ আলী
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি, অসম কেন্দ্ৰ।

Show CommentsClose Comments

Leave a comment

en_USEnglish