বিশ্বৰ মানৱ‌ সভ্যতাৰ লগত প্ৰব্ৰজনৰ ফলতেই বিভিন্ন জাতি,উপজাতিয়ে বিভিন্ন সংস্কৃতি লৈ একোটা সভ্যতা গঢ়ি উঠিছে।এই প্ৰব্ৰজনৰ দ্বাৰাই সিন্ধু,আৰৱ আদি সভ্যতা গঢ়ি উঠিছে।প্ৰাক্ ঐতিহাসিক যুগৰে পৰা এই প্ৰব্ৰজন ঘটি আছে।এই দৰেই আকৌ আৰ্য্য-অনাৰ্য্য,মঙ্গোলীয়, অষ্ট্ৰিক আদি গোষ্ঠীৰো অসমলৈ প্ৰব্ৰজন কৰাৰ পৰিনামত এটি সমন্বয়ৰ প্ৰক্ৰিয়াৰে ‘অসমীয়া জাতি’ গঢ়ি উঠিছে আৰু সকলো সম্প্ৰদায়ৰ, জনগোষ্ঠীৰ নিজা নিজা দোৱান, ভাষাৰ সংমিশ্ৰণ আৰু বিৱৰ্তনৰ ফলত অসমীয়া ভাষাৰ সৃষ্টি হ’ল।এই অসমীয়া ভাষা বিশেষ কোনো এটা গোষ্ঠী বা ধৰ্মীয় সম্প্ৰদায়ৰ ভাষা নহয়। আজি অসমীয়াৰ মাজতেই হিন্দু, মুছলমান, খৃষ্টান,শিখ, বুদ্ধ আদি ধৰ্মাৱলম্বী সোমাই আছে।
অসমৰ লগত মুছলমানৰ প্ৰথম পৰিচয় হৈছিল ৰাজনৈতিক অভিযানৰ মাজেদি। বিখ্যাত সাহিত্যিক এম.ইব্ৰাহীম আলিৰ সপ্তম শতিকাত তুৰ্কী সম্ৰাট সৌষ্টৱ হাচানে চীন জয় কৰাৰ পাছত কামৰূপত প্ৰৱেশ কৰে বুলি কিছুমান বুৰঞ্জীবিদে কয় যদিও বলিষ্ঠ সমৰ্থন নাই। কিন্তু আজি কেইদিনমানৰ আগতে গোৱালপাৰাত পুৰাতত্ব বিভাগে সপ্তম শতিকাৰ মাটিতপোত খাই থকা ইটাৰে তৈয়াৰী ঘৰৰ অৱশিষ্ট পোৱা গৈছে। ইয়াৰে কেইখনমান ইটাত আৰবী আখৰৰ’আল্লাহু’ লেখা পোৱা গৈছে।যদি সেইটো সপ্তম শতিকাৰ বুলি প্ৰমাণ হয়তো তেন্তে অসমত মুছলমানৰ প্ৰৱেশ সপ্তম শতিকাৰ বুলি প্ৰমাণ হ’ব।
১২০৬ খৃষ্টাব্দত চাওলাং চুকাফাৰ নেতৃত্বত আহোমৰ অসম আগমনৰ(১২২৮খৃ:)২২বছৰ আগতে মোহাম্মাদ ঘোৰীৰ এজন সুদক্ষ সেনাপতি ইখতিয়াৰুদ্দিন মোহাম্মদ বখতয়াৰখিলীজীয়ে চীন জয় কৰাৰ ইচ্ছাৰে কামৰূপত প্ৰৱেশ কৰে। কিন্তু তেওঁ বড়ো ৰজা পৃথুৰ হাতত নলবাৰীৰ উত্তৰে অৱস্থিত কমৰপেট্ৰা বা কুমাৰীকাটাত যুদ্ধ কৰি সম্পূৰ্ণভাৱে পৰাজিত হ’ল ৰফিউল হুছেইন বৰুৱাৰ লিখনি।খিলিজীৰ পৰাজয়ৰ স্মৃতিৰ চিন হিচাপে তেতিয়াই উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত তেওঁলোকৰ সমন্ধে এইদৰে লিখা আছে
শাকে তুৰগ যুদ্মেসে মধুমাস ত্ৰয়োদশে।
কামৰূপং সমাগত্য তুৰস্কাঃ ক্ষয়মাষয়ু।।
অৰ্থাৎ ১২২৭ শক(১২০৬ খৃঃ)ৰ চত মাহৰ ১৩‌ তাৰিখে কামৰূপলৈ আহি বিনাশ হৈছিল তুৰ্কী বিলাক।১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত সমগ্ৰ অসম তথা আহোম ৰাজ্য ইংৰাজৰ হাতলৈ যোৱাৰ পাছত অসমীয়া সাহিত্যই আকৌ গা কৰি উঠিছিল।১৮৯১ চনত আব্দুল জালাল জিলিকদে “তাৰিকুল হৰফি বায়ান” নাম দি চুফি মতৰ কিতাপ অসমীয়া ভাষাত লিখিছিল। কিন্তু লিপি আছিল আৰবী যদিও ১৮৩৬ চনৰ পৰাহে সকলোৰে বাবে অসমীয়া লিপিৰ বহল বাবে ব্যৱহাৰ হয়।
মোহাম্মাদ চুলাইমান খা আছিল এজন কবি তেওঁ সম্পাদনা কৰিছিল এখন ধৰ্ম শিক্ষামুলক আলোচনী। ডিব্ৰুগড় মৌলানা আবুল ৰহমান বেগৰ দ্বাৰা আধ্যাত্মিক জ্ঞান শাস্ত্ৰৰে ভৰা এখন আলোচনী প্ৰকাশ কৰিছিল।
১৯০৯চনতেই মুন্ঞি নাছিৰুদ্দিন আহমদৰ”মৌলুদ শ্বৰীফ” নামৰ পুথিখন ছপা কৰি উলিয়াইছিল। মফিজুদ্দিন আহমদ হাজৰিকাৰ “জ্ঞান মালিনী”হৈছে অসমীয়া সাহিত্যলৈ এটি বৃহৎ অৱদান।ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাইচ চেন্ঞেলাৰ শিৱসাগৰৰ ডঃমইদুল ইছলাম বড়া, চৈয়দ আব্দুল মালিক,আব্দুছ চাত্তাৰৰ নাম কোনে নাজানে? কবিতা সাহিত্যিত মৰাণহাটৰ কবি জুলিয়ানা বেগম গুৱাহাটীৰ “হেদায়ৎ” আলোচনীৰ সম্পাদক আৰু
বহুতো পুথিৰ লেখক কেৰামত আলী, ইছমাইল হোছেইন (জেষ্ঠ),কবি আৰু সমালোচক ইছমাইল হোছেইন (কনিষ্ঠ)মোহাম্মদ তাহিৰৰ‌ দৰে বহুত বিখ্যাত কবি আৰু লেখকৰ অসমীয়া সাহিত্যলৈ লিখা অৱদান অসীম আৰু প্ৰশংসনীয়।
চিকিৎসা শিক্ষা যদিও ১৯০৫ চনতেহ ডিব্ৰুগড়ত “বেৰী হোৱাইট”নামৰ স্কুল স্থাপিত হৈছিল।তাত মহিলা ডাক্তৰীৰ স্থান নাছিল।
১৯৩৬ চনত মোৰ পিতৃ বেৰী হোৱাইট মেডিকেল স্কুল গভৰ্ণিংৰ সভ্য ডাঃৰহমত আলীয়েই অশেষ কষ্ট কৰি নিজে শিলঙলৈ গৈ ইংৰাজ গভৰ্ণৰ পৰা চিকিৎসা বিদ্যাত মহিলাৰ বাবে শিক্ষাৰ ভৰ্তি লিখিত আদেশ আনিছিল। আৰু মোৰ দ্বিতীয়া বাইদেউ আনোৱাৰা বেগম প্ৰথম ছাত্ৰী হিচাপে যোগদান কৰিছিল।ডাঃ ৰহমত আলী টেঙাখাটৰ মৌজাদাৰ আছিল।

ডাঃএম.এছ.ইছকেন্দাৰ আলী

Show CommentsClose Comments

Leave a comment

en_USEnglish